ৰাজনীতিৰ পথাৰত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ
অলিম্পিয়া প্রতিবেদন
বেট বল এৰি হাতত তুলি ললে ঝাড়ু । কেৰিয়াৰৰ দ্বিতীয় ইনিংছ আৰম্ভ হৰভজন সিঙৰ । তাৰেই কুছকাৱাজ এতিয়া পঞ্জাৱত ।
ৰাজনীতিৰ মজিয়াত ক্ৰিকেটাৰৰ জোৱাৰ। সাধাৰণ মানুহৰ মূৰৰ ওপৰেদি পাৰ হোৱা ৰাজনীতিৰ দীঘলীয়া ভাষণ অথবা আস্থাৰ দস্তাবেজ যেন ক্ৰমশঃ ফুটি উঠিছে প্ৰাক্তন ক্ৰিকেটাৰসকলৰ মুখত । বেট-বলক বিদায় দিয়াৰ পাছৰে পৰা ইজনৰ পাছত সিজন ক্ৰিকেটাৰে বাছি লৈছে নিজৰ পছন্দৰ দল । অৱশ্যে ক্ৰিকেটাৰসকল ৰাজনীতিলৈ ঢাপলি মেলাটো কোনো নতুন নিয়ম নহয় । ১৯৯১ চনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক মনচুৰ আলী খান পাতাউদ্দিয়ে কংগ্ৰেছ দলত , ১৯৮৩ চনত বিশ্ব কাপ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ কীৰ্তি আজাদে বিজেপিত , নৱজিত সিং সিন্ধুৱে ২০০৪ চনত বিজেপিত লগতে পিছত কংগ্ৰেছ , মহমদ আজহাৰুদ্দিনে ২০০৯ চনত কংগ্ৰেছত আৰু গৌতম গম্ভীৰে ২০১৯ চনত বিজেপিত যোগ দিয়াৰ তথ্য ইতিমধ্যে বহু পুৰণি । কিন্তু বৰ্তমান সময়ত ৰাজনৈতিক প্ৰেক্ষাপটত এটা খুবেই চৰ্চিত দল ‘আম আদমি পাৰ্টি’ চমুকৈ আপ । যি দলে বৰ্তমান পঞ্জাবত চৰকাৰ গঠন কৰি দেশবাসীক চমক লগাবলৈ সক্ষম হৈছে । দিল্লীৰ অৰবিন্দ কেজৰীৱাল চৰকাৰৰ পাছতে পঞ্জাৱ দখল কৰিলে আপে । এতিয়া এই পঞ্জাৱতে অহা ৩১ মাৰ্চত ৫ খন ৰাজ্য সভা আসনৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে । এই ৫ খন আসনৰ ভিতৰত
এখন আসনত প্ৰতিদ্বন্দিতা কৰিব ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন স্পীনাৰ হৰভজন সিঙে । আপে হৰভজন সিঙক আদৰণি জনোৱাৰ পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে । আপ দলৰ বিধায়কৰ সংখ্যাৰ দিশৰ পৰা হৰভজন সিং ৰাজ্যসভা অৰ্থাৎ উচ্চ সদনলৈ নিৰ্বাচিত হোৱাটো খাটাং । সেয়া হ’লে এসময়ত ক্ৰিকেট ফিল্ডত ঘূৰ্ণীবলেৰে বহু দুৰ্দান্ত বেটছমেনক মূৰৰ কামোৰণি তোলা হৰভজন সিঙে ৰাজ্যসভাৰ সাংসদ হিচাপে কি ঘূৰ্ণী আৰম্ভ কৰে তালৈ সমগ্ৰ ক্ৰিকেট বিশ্বই নিশ্চয়কৈ লক্ষ্য ৰাখিব ।
পাঞ্জাৱৰ ৰাজনীতিত ক্ৰিকেটাৰৰ সংযোগ নতুন কথা নহয়। 2022 ত পাঞ্জাৱ কংগ্ৰেছৰ নেতৃত্ব দিছিল প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোত সিং সিধুয়ে। এইবাৰ ৰাজ্যসভাত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হব প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং । পাঞ্জাবৱত আপৰ উত্থানৰ পাছতেই 5 টা আসনতেই প্ৰাৰ্থী দিয়াৰ মন মেলিছে কেজৰিৱাল দল আপে । তাৰেই মাজৰ এগৰাকী ক্ৰিকেটৰ মহাতাৰকা হৰভজন।
ইফালে ৰাজ্য সভালৈ হৰভজনক পঠোৱাৰ উপৰিও পাঞ্জাৱৰ প্ৰস্তাৱিত স্পৰ্টছ বিশ্ববিদ্যালয়ৰ কিবা গুৰুদায়িত্ব দায়িত্ব দিয়াৰ সম্ভাৱনা আছে হৰভজনক। অৱশ্যে আপৰ তৰফৰ পৰা এতিয়াও আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হোৱা নাই ।
আন্তঃজাতিক ক্ৰিকেটৰ পৰা অৱসৰ ললেও হৰভজন আজিও বিশ্ববাসীৰ প্ৰিয়ভাজন। এতিয়াও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মেচত ধাৰাভাষ্যকাৰ ৰূপত দেখা পায় হৰভজনক।
ক্ৰিকেটৰ মহাৰণত যিদৰে হৰভজনে আধিপত্য বিস্তাৰ কৰিছিল, ঠিক সেইদৰে ৰাজনীতিৰ পথাৰত একেই পৰাক্ৰমী হবনে? সেইয়া সময়ৰ তুলাচনীত দৃশ্যমান হ’ব । ক্ৰীড়া অনুৰাগীৰ আশা-ৰাজনীতিৰ পথাৰলৈ গলেও হৰভজনে ক্ৰিকেটৰ সৈতে হৈ থাকক সংপৃক্ত ।