ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা তাৰকা স্পীনাৰ হৰভজন সিঙৰ এক নতুন বলিং ভাৰ্ছন ভাইৰেল হৈ পৰিছে। হৰভজন সিঙে নিজেই এই নতুন বলিঙ ভাৰ্ছনৰ ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডলৰ জড়িয়তে শ্বেয়াৰ কৰিছে।
ক্ৰিকেটাৰগৰাকীয়ে ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁৰ অনুৰাগী এজনক ধন্যবাদ জনাই কয়, বল ঘুৰিব নে নাই সেয়া নাজানো কিন্তু বেটছমেনৰ মূৰ ঘূৰিব।
দৰাচলতে এখন ক্ৰিকেট মেচত এগৰাকী বলাৰে হৰভজন সিঙৰ দৰে হাত ঘূৰাই বল কৰিছে। কিন্তু বলাৰজনে বলটো হাতত লৈ এবাৰ, দুবাৰ নহয় সম্পূৰ্ণ পাঁচবাৰ হাত ঘূৰাই বল কৰিছে। যাৰ বাবে বেটছমেনৰ মূৰ ঘূৰাই যায়।
চাওক সেই ভিডিঅ।
https://www.instagram.com/p/CMMeVFcBKWL/?utm_source=ig_web_copy_link