Tuesday, October 4, 2022
HomeNewsহৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল : শ্বিলঙৰ ৰিভিউ...

হৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল : শ্বিলঙৰ ৰিভিউ এফ চি ফাইনেলত

হৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল : শ্বিলঙৰ ৰিভিউ এফ চি ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন: ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্হা আৰু হৰিশিঙা ক্ৰীড়া সংস্থাৰ যুটীয়া উদ্যোগত ৰবি কছাৰী মিনি ষ্টেডিয়ামত চলি থকা ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে দ্বিতীয় খন ছেমিফাইনেলত শ্বিলঙৰ ৰিভিউ এফ চিয়ে গোসাইগাঁৱৰ গ্লোবেল এফ চিক ৪-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰবেশ কৰে ।

প্ৰথমৰে পৰা খেলখন তীব্ৰ উত্তেজনাপূৰ্ণ হৈ উঠে । খেলৰ প্ৰথমাৰ্দ্ধৰ ১৭ মিনিটত শ্বিলঙৰ ষ্ট্ৰাইকাৰ চানো তাৰিয়াজে ১ টা, ৰবাৰ্ট খৌংচনে ২ টা আৰু ১২ মিনিটত ফাচিওৱাৰি চিনংলিয়ে ১ টা কৈ গ’ল স্কৰ কৰি দলক আগুৱাই ৰাখে । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ মাজতে ৯ মিনিটত গ্লোবেলৰ ষ্ট্ৰাইকাৰ বীৰদাও ব্ৰহ্মই ১ টা গ’ল পৰিশোধ কৰি ৪-১ গ’ললৈ হ্ৰাস কৰে যদিও গ্লোবেল এফ চিয়ে শ্বিলং ৰিডিউ এফ চিৰ হাতত পৰাজিত হয় আৰু ছিলং এফ চিয়ে ফাইনেলত প্ৰবেশ কৰে । খেল পৰিচালনা কৰে হিতেশ কলিতাই । তেওঁক সহায় কৰে ইলিছ মুছাহাৰী, বাবুৰাম দৈমাৰী আৰু মৃদুল বসুমতাৰীয়ে । অহা ২০ ছেপ্টেম্বৰত শ্বিলঙৰ ৰিভিউ এফ চিয়ে হৰিশিঙা আঞ্চলিক ক্ৰীড়া সংস্থাৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments