Tuesday, October 4, 2022
HomeNewsহৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল

হৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল

হৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল

অলিম্পিয়া প্ৰতিবেদন: উদালগুৰিত দুভৰিৰ যাদু । হৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল । হৰিশিঙা ক্ৰীড়া সন্থাৰ জয়লাভ ।

ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু হৰিশিঙা ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত ৯ ছেপ্টেম্বৰৰ পৰা ৰবি কছাৰী মিনি ষ্টেডিয়ামত আৰম্ভ হৈছে জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল টুৰ্ণামেণ্ট । মংগলবাৰে এখন তীব্ৰ উত্তেজনাপূৰ্ণ মেচত অৱৰ্তীণ হ’ল বঙাইগাঁও ইলেভেন ষ্টাৰ বনাম হৰিশিঙা ক্ৰীড়া সন্থা । খেলখনত হৰিশিঙা ক্ৰীড়া সন্থাই বঙাইগাঁৱৰ ইলেভেন ষ্টাৰক ১-০ গ’লত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে ।

উত্তেজনাপূৰ্ণ খেলখনত বঙাইগাঁও ইলেভেন ষ্টাৰে খেলৰ শেষলৈ বহু চেষ্টা কৰিও গ’ল পৰিশোধ কৰাত ব্যৰ্থ হয় । হৰিশিঙা ক্ৰীড়া সন্থাৰ হৈ একমাত্ৰ গ’লটো দিয়ে ইৰাক দৈমাৰীয়ে । খেল পৰিচালনা কৰে মৃদুল বসুমতাৰীয়ে। তেওঁক লাইনত সহায় কৰে বাবুৰাম দৈমাৰী, দেবেন কুমাৰ বড়ো আৰু চতুৰ্থ ৰেফাৰী হিতেশ কলিতাই ।

ওদালগুৰিবাসী ৰাইজে ৰবি কছাৰী মিনি ষ্টেডিয়ামত উপভোগ কৰিলে ফুটবলৰ উন্মাদনা । ক্ৰীড়া অনুৰাগীৰ আশা —- ওদালগুৰিত এই ফুটবল বিপ্লৱ অব্যাহত থাকক ।

ওদালগুৰিৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেক্স ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments