Tuesday, October 4, 2022
HomeNewsহৰিশিঙাৰ স্বৰ্ণকাপ ফুটবলত গোসাইগাঁৱৰ গ্লোবেল স্পৰ্টছ একাডেমী ছেমিত

হৰিশিঙাৰ স্বৰ্ণকাপ ফুটবলত গোসাইগাঁৱৰ গ্লোবেল স্পৰ্টছ একাডেমী ছেমিত

হৰিশিঙাৰ স্বৰ্ণকাপ ফুটবলত গোসাইগাঁৱৰ গ্লোবেল স্পৰ্টছ একাডেমী ছেমিত

অলিম্পিয়া প্ৰতিবেদন: হৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল । গোসাইগাঁৱৰ গ্লোবেল স্পৰ্টছ একাডেমী ছেমিত ।

ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু হৰিশিঙা ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত ৰবি কছাৰী মিনি ষ্টেডিয়ামত অব্যাহত আছে ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল টুৰ্ণামেণ্ট । প্ৰতিযোগিতাখনত বৃহস্পতিবাৰে চতুৰ্থ খন কোৱাৰ্টাৰ ফাইনেল খেলত গোসাইগাঁৱৰ গ্লোবেল স্পৰ্টছ একাডেমীয়ে কাৰ্বি আংলঙৰ হিলছ ইউনাইটেড এফ চিক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত প্ৰবেশ কৰিছে ।
খেলখন উদ্বোধন কৰে হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰবিন্দ ওজাই । বিৰতিলৈকে খেলখন ১-১ গলত ড্ৰ হৈ ৰয় । মেচৰ ১৫ মিনিটত প্ৰথম পেলান্টিৰ সুযোগ লাভ কৰি গ্লোবেলৰ ষ্ট্ৰাইকাৰ লোহিত নাৰ্জাৰীয়ে গ’ল দিয়ে যদিও ৪১ মিনিটত এটা পেলান্টিৰ সুযোগ লাভ কৰি হিলছ এফ চিৰ ষ্ট্ৰাইকাৰ জগসিং তেৰণে পৰিশোধ কৰিবলৈ সক্ষম হয় । ইপিনে দ্বিতীয়াৰ্ধত খেলখন তীব্ৰ উত্তেজনাপূৰ্ণ হৈ পৰে । দ্বিতীয়াৰ্ধৰ ৮ মিনিটত গ্লোবেল স্পৰ্টছৰ ষ্ট্ৰাইকাৰ হৌখ্ৰাউ ব্ৰহ্মই হিলছ ইউনাইটেড এফ চিক গ’ল দিয়াত গ্লোবেল স্পৰ্টছ একাডেমীয়ে ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে । খেলখন পৰিচালনা কৰে বাবুৰাম বসুমতাৰীয়ে । তেওঁক সহায় কৰে হিতেশ কলিতা, মৃদুল বসুমতাৰী আৰু ইলিচ মোছাহাৰীয়ে । শুক্ৰবাৰে হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থা আৰু বিজনীৰ ফেৰেঙগাদাও ক্লাবৰ মাজত পৰৱৰ্তী মেচ অনুষ্ঠিত হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments