Wednesday, August 10, 2022
HomeNews১০ জানুৱাৰীৰ পৰা মুস্তাক আলী টি-২০ : অসম গ্ৰুপ 'বি'ত

১০ জানুৱাৰীৰ পৰা মুস্তাক আলী টি-২০ : অসম গ্ৰুপ ‘বি’ত

আগন্তুক ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব দেশৰ ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্ট মুস্তাক আলী টি-২০। আগন্তুক ১০ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বিষয়ে বি চি চি আইৰ সচিব জয় শ্বাহে ৰাজ্যিক ক্ৰিকেট সন্থাসমূহক অৱগত কৰিছে। দেশৰ মুঠ ৬ টা স্থানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ৩৮ টা দলে ৫ টা গ্ৰুপত খেলিব। প্ৰতিযোগিতাখনৰ মেচ অনুষ্ঠিত হ’বলগীয়া স্থান সমূহ হৈছে, বেংগালুৰ, কলকাতা, বৰোদা, ইন্দোৰ, মুম্বাই আৰু চেন্নাই। ইয়াৰে বেংগালুৰত গ্ৰুপ ‘এ’, কলকাতাত গ্ৰুপ ‘বি’, বৰোদাত গ্ৰুপ ‘চি’, ইন্দোৰত গ্ৰুপ ‘ডি’, মুম্বাইত গ্ৰুপ ‘ই’ আৰু চেন্নাইত প্লেট গ্ৰুপৰ মেচসমূহ অনুষ্ঠিত হ’ব।
অসমে গ্ৰুপ গ্ৰুপ ‘বি’ত স্থান লাভ কৰিছে। অসমৰ লগতে এই গ্ৰুপত আছে ওড়িশা, বংগ, ঝাৰখণ্ড, তামিলনাডু আৰু হায়দৰাবাদ। প্ৰতিযোগিতাখনত অসমে ১০ জানুৱাৰীত হায়দৰাবাদৰ বিৰুদ্ধে খেল পথাৰত নামি নিজৰ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ক্ৰমে ১২ জানুৱাৰীত তামিলনাডু, ১৪ জানুৱাৰীত ঝাৰখণ্ড, ১৬ জানুৱাৰীত বংগ আৰু ১৮ জানুৱাৰীত ওড়িশাৰ বিৰুদ্ধে খেল পথাৰত নামিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments