Friday, September 30, 2022
HomeNews১০ লাখ টকীয়া ভাড়াঘৰত থাকিব প্ৰেমিক যুগল

১০ লাখ টকীয়া ভাড়াঘৰত থাকিব প্ৰেমিক যুগল

অলিম্পিয়া প্ৰতিবেদন

ক্ৰমাৎ বাঢ়ি আহিছে প্ৰেমৰ উত্তাপ । প্ৰেমিক-প্ৰেমিকাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি । প্ৰেমিক আন কোনো নহয়, ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ এটি খুবেই পৰিচিত নাম । আই পি এলৰ নৱ গঠিত দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক লোকেশ ৰাহুল । চমুকৈ কে এল ৰাহুল । আনফালে প্ৰেয়সীৰো আছে এটি সুকীয়া পৰিচয় । প্ৰেয়সী আন কোনো নহয় ! বলিউডৰ বিখ্যাত মোহময়ী অভিনেত্ৰী তথা এসময়ৰ তাৰকা অভিনেতা সুনীল ছেত্ৰীৰ জী আথিয়া ছেত্ৰী ।

বিগত কিছু বছৰৰ পৰা বাঢ়ি আহিছে দুয়োৰে প্ৰেম । গভীৰৰ পৰা গভীৰতালৈ গতি কৰিছে এই প্ৰেমে । যাৰ প্ৰভাৱ দেখা যায় চলিত ছিজনৰ আই পি এলতো । ৰাহুলৰ টিম তথা লক্ষ্ণৌৰ সমৰ্থনত পিতৃ সুনীল ছেত্ৰীৰ সৈতে ষ্টেডিয়ামত দেখা যায় আথিয়াক । কিন্তু এইখিনিতে আছে এটি সুখবৰ । চলিত বৰ্ষৰ ডিচেম্বৰত পূৰ্ণতা পাব পাৰে দুয়োৰে মাজত চলি থকা এই প্ৰেমে । যাৰ বাবে তেওঁলোকে লৈছে এটি বিকল্প পথ । বিবাহত কোনো বাধা নাহিবৰ বাবে দুয়োৱে সিদ্ধান্ত ললে বিবাহৰ পূৰ্বে একেলগে থকাৰ । মানে লিভিং টুগেডাৰ । ইজনে সিজনক বুজি পোৱাৰ আধুনিক পদ্ধতি । সেই সিদ্ধান্তমৰ্মে মাহিলী ১০ লাখ টকা ভাড়াৰে নৱী মুম্বাইত বুক কৰিলে ৪ টা ৰুমৰ এটি ফ্লেট । অত্যাধুনিকভাৱে নিৰ্মাণ কৰা ফ্লেটটোৰ কাষতে আছে আন এক সৌন্দৰ্য । ফ্লেটৰ খিৰিকী খুলিলেই যেন দুয়ো প্ৰেমিকৰ গাল চুমিব ফাগুণী বতাহে । যি বতাহ বৈ আহিব আৰৱ সাগৰৰ বুকুৰ পৰা । আৰৱ সাগৰৰ পাৰত নিৰ্মিত এই ফ্লেটৰ খিৰিকী খুলিয়েই তেওঁলোকে ল’ব পাৰিব মুকলি বতাহৰ সোৱাদ । দেখিবলৈ পাব সাগৰৰ অলেখ ঢৌৰ খেলা অথবা উফন্দি উঠা সাগৰফেনাবোৰ পুনৰ সাগৰৰ বুকুত লীন হোৱাৰ দৃশ্য ।

হিৰ’, মোবাৰকান, ৰাধা মাথুৰ আদিকে ধৰি বহুকেইখন বলিউদৰ ছবিত অভিনয় কৰা আথিয়াৰ পিতৃ সুনীল ছেত্ৰীয়েও জনাইছে এই ক্ষেত্ৰত সন্মতি । দুয়োখন ঘৰৰ পূৰ্ণ সন্মতি সাপেক্ষে দক্ষিণ ভাৰতীয় ৰীতি- নীতিৰে চলিছে বিয়াৰ প্ৰস্তুতি ।

উল্লেখ্য যে – চলিত ছিজনৰ আই পি এলত মুঠ ১০ টা দলৰ ভিতৰত তালিকাৰ চতুৰ্থ স্থানত আছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ অৰ্থাৎ ৰাহুল নেতৃত্বাধীন দল । বৰ্তমানলৈকে ৮খন মেচৰ ভিতৰত ৫ খনত জয় আৰু ৩ খনত পৰাজিত হৈ অব্যাহত ৰাখিছে নিজৰ অভিযান । তাৰ ভিতৰত ৰাহুলৰ অৱদান খুবেই প্ৰশংসনীয় । এই খেলসমূহত দেখুওৱা তেওঁৰ উন্নত প্ৰদৰ্শনে মোহিত কৰি ৰাখিছে দৰ্শকক । দলৰ হৈ ৰাহুলে বৰ্তমানলৈকে দুটা শতক আৰু এটা অৰ্ধ শতকেৰে নিজৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা দেখা যায় । প্ৰেমৰ সমান্তৰালভাৱে শতক অথবা অৰ্ধ শতককো ৰাহুলে যিদৰে আগুৱাই নিছে তাৰ প্ৰতি লক্ষ্য ৰাখিছে প্ৰতিজন ক্ৰীড়াপ্ৰেমীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments