আগন্তুক ফেব্ৰুৱাৰী মাহৰ ১১তাৰিখে অনুষ্ঠিত হ’ব পাৰে আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ নিলাম প্ৰক্ৰিয়া। আই পি এলৰ গৰ্ভনিং কমিটিৰ বৈঠকত ১১ফেব্ৰুৱাৰীক নিলাম প্ৰক্ৰিয়াৰ বাবে ঠিক কৰা হৈছে। আনহাতে ডিচেম্বৰৰ ২০ তাৰিখে আই পি এলৰ ফ্ৰেন্সাইজি বোৰে জনাব লাগিব কোন ক্ৰিকেটাৰক দলত ৰাখিব আৰু কাক ৰিলিজ কৰিব। ইফালে আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ নিলাম প্ৰক্ৰিয়া কোন চহৰত অনুষ্ঠিত হ’ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই।
কৰ’না মহামাৰীৰ বাবে আই পি এলৰ ত্ৰয়োদশ সংস্কৰণ ভাৰতৰ পৰিবৰ্তে ইউ এ ইত অনুষ্ঠিত কৰাৰ দৰে হয়তো চতুৰ্দশ সংস্কৰণো ইউ এ ইত অনুষ্ঠিত হ’ব পাৰে। দেশৰ কৰ’না মাহামাৰীৰ সংক্ৰমণৰ যি জটিল পৰিস্থিতি সেই পৰিস্থিতি উন্নত হোৱা নোহোৱাৰ উপৰত নিৰ্ভৰ কৰিব প্ৰতিযোগিতাখন ক’ত অনুষ্ঠিত হ’ব। আই পি এলৰ গভৰ্নিং বডিয়ে প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰিলেই এই সকলো দিশ পৰিস্ফুট হৈ পৰিব।