১১ মে’লৈকে বন্ধ কৰা হৈছে কুশল কোঁৱৰ ইনড’ৰ ষ্টেডিয়াম

ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১১ মে’লৈকে বন্ধ কৰা হৈছে যোৰহাটৰ কুশল কোঁৱৰ ইনড’ৰ ষ্টেডিয়াম। সংবাদ মাধ্যমৰ আগত ইনড’ৰ ষ্টেডিয়ামখনৰ পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি যোৰহাটত ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইফালে ষ্টেডিয়ামখন বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত বেডমিণ্টন, টেবুল টেনিছ আদি বিভিন্ন ক্ৰীড়াৰ নিয়মিত অনুশীলন বন্ধ থাকিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২১এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ ষ্টেডিয়ামখন বন্ধ ঘোষণা কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *