Monday, July 4, 2022
HomeNews১২ ফেব্ৰুৱাৰীৰ পৰা নগাঁৱত আন্তঃজিলা জিমনাষ্টিকছ : উপস্থিত থাকিব অলিম্পিয়াড দীপা...

১২ ফেব্ৰুৱাৰীৰ পৰা নগাঁৱত আন্তঃজিলা জিমনাষ্টিকছ : উপস্থিত থাকিব অলিম্পিয়াড দীপা কৰ্মকাৰ

অসম জিমনাষ্টিকছ সন্থাৰ সম্পাদক উজ্জ্বল বৰুৱাই জনাইছে যে, আগন্তুক ১২ ফেব্ৰুৱাৰীৰ পৰা নগাঁৱত অনুষ্ঠিত হ’ব আন্তঃজিলা জিমনাষ্টিকছ প্ৰতিযোগিতা। অসম জিমনাষ্টিকছ সন্থাৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সন্থাৰ সহযোগত ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ মুখলেছ আহমেদৰ সোঁৱৰণত অনুষ্ঠিত হ’ব ৩০ সংখ্যক সদৌ অসম আন্তঃজিলা জিমনাষ্টিকছ প্ৰতিযোগিতাখন।

নগাঁও ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত মিনি, ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত ল’ৰা আৰু ছোৱালী উভয় শাখাতে প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।প্ৰতিযোগিতাখনত উপস্থিত থাকিব অলিম্পিয়াড দীপা কৰ্মকাৰ আৰু দ্ৰোণাচাৰ্য বঁটা লাভ কৰা প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দী।

প্ৰতিযোগিতাখন সকলো দিশৰ পৰা সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইক মুখ্য পৃষ্ঠপোষক, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সভাপতি, প্লাৱন বৰুৱাক সাংগঠনিক সম্পাদক, প্ৰভাত চন্দ্ৰ বৰা আৰু মৌচম দাসক যুটীয়া সম্পাদক তথা ৰমেশ আগৰৱালাক কোষাধ্যক্ষৰূপে লৈ এখন শক্তিশালী আয়োজক কমিটি গঠন কৰা হৈছে।

আনহাতে প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি এখন স্মৰণিকাও প্ৰকাশ কৰা হব বুলি জানিব পৰা গৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments