Wednesday, July 6, 2022
HomeNews১৪ দিন কোৱাৰেণ্টাইন হব নালাগে টকিঅ' অলিম্পিত ভাগ লবলগীয়া খেলুৱৈয়ে

১৪ দিন কোৱাৰেণ্টাইন হব নালাগে টকিঅ’ অলিম্পিত ভাগ লবলগীয়া খেলুৱৈয়ে

টকিঅ’ অলিম্পিকত ভাগ ল’বলগীয়া ভিন্ন দেশৰ খেলুৱৈসকলে ১৪ দিনৰ কোৱাৰেণ্টাই সময় পাৰ কৰিব নালাগে। জাপানৰ চৰকাৰে বহিঃৰাষ্ট্ৰৰ পৰা অহা ব্যক্তিক ১৪ দিনৰ কোৱাৰেণ্টাই সময়ত ৰাখি কৰ’নাৰ সংক্ৰমণ ৰোধৰ চেষ্টা চলাইছে যদিও কোৱাৰেণ্টাইৰ এই সময় হ্ৰাস কৰাৰ বাবে নতুনকৈ চিন্তা কৰিছে। যাৰ বাবে আগন্তুক বৰ্ষত হ’বলগীয়া অলিম্পিকৰ খেলুৱৈসকল লাভাম্বিত হ’ব।

অলিম্পিক আয়োজকসকলে কয় যে খেলুৱৈসকলক ১৪ দিন কোৱাৰেণ্টাই কৰি ৰখাটো সম্ভৱ নহয়। বিপৰীতে খেলুৱৈসকল জাপানলৈ অহাৰ ৭২ ঘণ্টা পূৰ্বে ক’ভিড-১৯ ৰিজাল্ট নিগেটিভ অহাটো জৰুৰী।

আনহাতে টকিঅ’ অলিম্পিকৰ চিফ অফিচাৰে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, অলিম্পিকত ভাগলোৱা খেলুৱৈয়ে ১৪ দিন কোৱাৰেণ্টাই হব লাগিব নে নাই, তেওঁলোকক কেনেধৰণৰ চিকিৎসা ব্যৱস্থা প্ৰদান কৰা হ’ব এই বিষয়বোৰৰ ওপৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। আগন্তুক বৰ্ষত কৰ’নাৰ স্থিতি লক্ষ্য কৰিহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। সংবাদ মাধ্যমৰ আগত চিফ অফিচাৰে এই মন্তব্য কৰিলেও যে কোৱাৰেণ্টাই সময় কমাই দিয়াটো প্ৰায় নিশ্চিত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments