Thursday, July 7, 2022
HomeNews১৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় নেটবল প্ৰতিযোগিতাৰ বাবে অসম দলৰ বাচনি শিবিৰ

১৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় নেটবল প্ৰতিযোগিতাৰ বাবে অসম দলৰ বাচনি শিবিৰ

৩৩ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় নেটবল চেম্পিয়নশ্বিপৰ বাবে অসম দলটো গঠনৰ প্ৰস্তুতি চলোৱা হৈছে। আগন্তুক ২৪ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ টেলেংগানাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে অসম দলটো নিৰ্বাচন কৰিবলৈ ১৪ ফেব্ৰুৱাৰী দেওবাৰে এক বাচনি শিবিৰ অনুষ্ঠিত কৰিছে। অনূৰ্ধ্বৰ ১৯ বছৰ ল’ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ’বলগীয়া এই বাচনি শিবিৰ চৰাইদেউ জিলাৰ পাটসাঁকোত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

এই শিবিৰত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক খেলুৱৈসকলে নিৰ্ধাৰিত সময়ত বয়সৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, এডমিট কাৰ্ড আৰু ৪ খনকৈ পাছপৰ্ট আকাৰৰ ফটো লগত লৈ যাব লাগিব। ইয়াৰ উপৰিও নিজা জিলা সন্থাৰ পৰা আপত্তিবিহীন পত্ৰ‌ও নিজৰ লগত লৈ যাব লাগিব।

আনহাতে বাচনি শিবিৰ অনুষ্ঠিত হ’বলগীয়া দিনটোতে একেটা স্থানতে নেটবল সন্থাৰ কাৰ্যকৰী সমিতিৰ এক সভা অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন। সেয়ে সন্থাই ইয়াৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিখন জিলাৰ দুগৰাকীকৈ মনোনীত সদস্যক সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments