আই পি এল অন্ত পৰাৰ পিছত এতিয়া ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী ভাৰতীয় দলটো ঘোষণা কৰিছে। আনহাতে ক্ৰিকেট অষ্ট্ৰলিয়াইও তেওঁলোকৰ দলটো ঘোষণা কৰিছে। দ্বিদেশীয় শৃংখলাটোৰ বাবে অষ্ট্ৰেলিয়াই প্ৰায় সকলো প্ৰস্ততি সম্পূৰ্ণ কৰিছে।
শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোৱে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত পূৰ্বৰ জাৰ্ছী এৰি নতুন স্বদেশী জাৰ্ছী পৰিধান কৰিব। ১৫২ বছৰৰ পূৰ্বৰ ১৮৬৮ চনৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোক সন্মান প্ৰদানৰ বাবে এই নতুন জাৰ্ছী বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। অষ্ট্ৰেলিয়াৰ Aunty Fiona Clarke আৰু Courtney Hagen য়ে ডিজাইন কৰি উলিয়াইছে এই স্বদেশী জাৰ্ছী।
মনকৰিবলগীয়া যে ১৮৬৮ চনত পোন প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলে বিদেশ ভ্ৰমণ কৰিছিল। প্ৰায় তিনিমাহ ধৰি সমূদ্ৰ পথেৰে যাত্ৰা কৰি অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ইউনাইটেড কিংডমত গৈ উপস্থিত হৈছিলগৈ আৰু মুঠ ৪৭ খন মেচ খেলিছিল।
অষ্ট্ৰেলিয়াৰ পুৰুষ দলটোৱে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত এই নতুন জাৰ্ছী পোন প্ৰথমবাৰৰ বাবে পৰিধান কৰিলেও ইতিমধ্যে অষ্ট্ৰেলিয়াৰ মহিলা দলটোৱে চলিত বৰ্ষৰ প্ৰথমভাগতে এই জাৰ্ছী পৰিধান কৰিছিল বুলিও চৰ্চা চলিছে।