Monday, July 4, 2022
HomeNews১৫ ফেব্ৰুৱাৰীত মুকলি হ'ব পুনৰ নিৰ্মাণ কৰি উলিওৱা বিমলা প্ৰসাদ চলিহা চুইমিং...

১৫ ফেব্ৰুৱাৰীত মুকলি হ’ব পুনৰ নিৰ্মাণ কৰি উলিওৱা বিমলা প্ৰসাদ চলিহা চুইমিং পুল

আগন্তুক ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নেহেৰুষ্টেডিয়ামস্থিত ৰাধাগোবিন্দ ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইড’ৰ ষ্টেডিয়ামত এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীতে তেওঁ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যত নিৰ্মিত ২০০ খন খেল পথাৰ আৰু বিমলা প্ৰসাদ চলিহা চুইমিং পুলৰ পুনৰ নিৰ্মাণৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব।

ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদকপ্ৰাপ্ত ১০০০ গৰাকী খেলুৱৈক ৫০,০০০ টকাকৈ এককালীন আৰ্থিক অনুদান, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ নিয়মীয়া ক্ৰীড়া পেঞ্চন আৰু এককালীন আৰ্থিক অনুদান, ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিভা সন্ধানী জলপানী,২০১৮-১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অসম ৰাজ্যিক বঁটা প্ৰদান কৰাৰ লগতে, ২০২০ বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ক্ৰীড়া সামগ্ৰীসমূহ আৰু ২০০৭ চনৰ ৩৩ তম ৰাষ্ট্ৰীয়  ক্ৰীড়াৰ ক্ৰীড়া সামগ্ৰীসমূহ বিতৰণৰ শুভ উদ্বোধন কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments