Tuesday, October 4, 2022
HomeNews১৫ মিনিটতে শেষ শিক্ষাৰ্থীৰ বাবে মুকলি কৰা টিকট!

১৫ মিনিটতে শেষ শিক্ষাৰ্থীৰ বাবে মুকলি কৰা টিকট!

১৫ মিনিটতে শেষ শিক্ষাৰ্থীৰ বাবে মুকলি কৰা টিকট!

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচ । ১ ঘন্টাত বিক্ৰী প্ৰথম পৰ্যায়ত মুকলি কৰি দিয়া ৯০ শতাংশ টিকট । ১৫ মিনিটতে শেষ শিক্ষাৰ্থীৰ বাবে মুকলি কৰা টিকট । ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট । মেচখনৰ বাবে সাজু বৰ্ষাপাৰা ।

তৎপৰ অসম ক্ৰিকেট সন্থা আৰু বিচিচিআই । শুক্ৰবাৰে দিনৰ ১১ বজাত এই মেচৰ বাবে অনলাইন টিকট মুকলি দিয়া হয় । প্ৰথম পৰ্যায়ত ১৫,০০০ টিকট মুকলি দিয়া হয় দৰ্শকৰ বাবে । বুক মাই শ্ব’ৰ যোগেদি ক্ৰিকেটপ্ৰেমী ৰাইজে ক্ৰয় কৰিলে টিকট । লক্ষণীয়ভাৱে, মুকলি কৰি দিয়াৰ কিছু সময়ৰ পাছতে ছাত্র ছাত্রীৰ বাবে নিৰ্ধাৰণ কৰা টিকট শেষ হয় ‌ । শিক্ষাৰ্থীৰ বাবে টিকটৰ মূল্য আছিল ৪৭৫ টকা । সাধাৰণ দৰ্শকৰ বাবে টিকটৰ বিক্ৰী দ্ৰুত গতিত চলি আছে ।

উল্লেখযোগ্য যে, এই মেচৰ বাবে মুঠ ২০,৪৮৯ টা টিকট দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব । অহা ২৬ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ত ৫,০০০ টিকট অনলাইনত উপলব্ধ হ’ব । ইতিমধ্যে বিচিচিআইয়ে ঘোষণা কৰিছে ভাৰতীয় দলটো । ভাৰতীয় দলটোত আছে : ৰোহিত শৰ্মা ( অধিনায়ক ), কে এল ৰাহুল, বিৰাট কোহলি, সূৰ্য্য কুমাৰ যাদৱ, দীপক হুদা, ঋষভ পন্ট, আৰ অশ্বিন, যুজবেন্দ্ৰ চহল, অক্ষৰ পেটেল, অৰ্শ্বদীপ সিং, মহম্মদ ছামি, হৰ্ষল পেটেল, দীপক চহৰ, যশপ্ৰীত বুমৰাহ ।

অহা ২৯ ছেপ্টেম্বৰত দুয়োটা দলেই গুৱাহাটীলৈ অহাৰ সম্ভাৱনা আছে । ধাৰাভাষ্যকাৰ হিচাপে এই আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে গুৱাহাটীলৈ আহিব সুনীল গাভাস্কাৰ , সঞ্জয় মাঞ্জেৰেকাৰ, সঞ্জয় বাংগাৰ । অহা ১ অক্টোবৰত বিচিচিআইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে গুৱাহাটীত ভৰি থব । ইফালে, অতিথি হিচাপে শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী আদি মহাতাৰকাও গুৱাহাটীৰ মেচত উপস্থিত থকাৰ কথা ।

মুঠতে, ক্ৰিকেটৰ মহাতাৰকাই ভৰিব মহানগৰী । এখন হাইভল্টেজ মেচ প্ৰত্যক্ষ কৰিবলৈ উৎকন্ঠিত গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ পূবৰ ক্ৰীড়াপ্ৰেমী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments