দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি নতুন দিল্লীত ডা০ কৰ্নি সিং শ্বুটিং ৰেঞ্জত ১৬২ বিচনা যুক্ত বিশ্বমানৰ এক স্প’ৰ্টছ হোষ্টেল উদ্বোধন কৰে। নৱনিৰ্মিত এই হোষ্টেলত এথলিটৰ সুবিধা হোৱাকৈ অত্যাধুনিক সুবিধা প্ৰদান কৰা হৈছে।

নৱনিৰ্মিত এই হোষ্টেল উদ্বোধন কৰি মন্ত্ৰী ৰিজিজুৱে কয় যে, এয়া সচাকৈয়ে অত্যাধুনিক সুবিধাযুক্ত বিশ্বমানৰ স্প’ৰ্টছ হোষ্টেল। আগন্তুক দিনত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব। এয়া সম্ভৱ হৈছে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ক্ৰীড়া আৰু ক্ৰীড়াবিদৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেহে।
