১৭ বাৰ অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰা এটা পৰিয়াল

আমাৰ সমাজত সাধাৰণতে এনে কিছুমান পৰিয়ালৰ দেখা যায় যিবোৰ প্ৰতিজন সদস্যই হয়তো সংস্কৃতি নহয়তো শিক্ষা আদিকে ধৰি একেধৰণৰ কামতে ব্যস্ত থাকে। পিতৃ-মাতৃৰ লগত সন্তানে সংস্কৃতিৰ চৰ্চা কৰা অথবা একেখন শিক্ষানুষ্ঠানতে শিক্ষাদান কৰা আদি কাৰ্য তেনেই সহজলভ্য। ইয়াৰ উপৰিও বংশানুক্ৰমিক ভাৱেই একাংশ খেলুৱৈয়েও খেল পথাৰলৈ অহাৰ ঘটনাও বিৰল নহয়। তেনেই সুলভ এনে দৃশ্য। পিছে আপোনালোকক আজি এনে এটা পৰিয়ালৰ বিষয়ে অৱগত কৰিম যিটো পৰিয়ালৰ সদস্যই মুঠ ১৭ বাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছে। অলিম্পিকৰ দৰে বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো যেন হৈ পৰিছিল সেই নিৰ্দিষ্ট পৰিয়ালটোৰ এক পৰম্পৰা।

বেলজিয়ামৰ ৰাইফল শ্বুটাৰ ফ্ৰান্সিছ লেফৰ্চুইনৰ ছিনিয়ৰৰ পৰিয়ালটোৰ সদস্য সকলে অলিম্পিকত মুঠ ১৭ বাৰ অংশগ্ৰহণ কৰি ইতিহাস সৃষ্টি কৰিছে। পোন প্ৰথমবাৰৰ বাবে ফ্ৰান্সিছ জুনিয়ৰে নিজৰ পিতৃ ফ্ৰান্সিছ ছিনিয়ৰৰ লগত ১৯৫২ চনৰ অলিম্পিকত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত ১৯৫৬ চনত তেওঁ নিজৰ খুড়াক মাৰ্ছল লেফৰ্চুইনৰ লগত অলিম্পিকত অংশগ্ৰহণ কৰাৰ লগতে ১৯৬০ চনত নিজৰ পিতৃ আৰু খুড়াক দুয়োজনৰ লগতে অলিম্পিকত অংশগ্ৰহণ কৰিলে। ১৯৫২ চনৰ অলিম্পিকৰ ৫০ মিটাৰ ৰাইফল শ্বুটিঙত তেওঁ নিজৰ দেউতাকৰ বিৰুদ্ধেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল। দুয়োজনে মুঠ ১৩১১ প‌ইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ফ্ৰান্সিছ জুনিয়ৰে থ্ৰী পজিশ্বনত ৩৮৮ প‌ইণ্ট অৰ্জন কৰাৰ বিপৰীতে ছিনিয়ৰ ফ্ৰান্সিছে ৩৮৯ প‌ইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অলিম্পিকৰ ইতিহাসত এইদুজন পিতা পুত্ৰই মুঠ চাৰিবাৰ মুখামুখি হৈছে। ১৯৬০ চনৰ অলিম্পিকত আকৌ ফ্ৰান্সিছ জুনিয়ৰে ১০৯৯ আৰু ফ্ৰান্সিছ ছিনিয়ৰে ১১০৮ প‌ইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৬ অলিম্পিকত অৱশ্যে ফ্ৰান্সিছে খুড়াকৰ লগত অলিম্পিকত অংশগ্ৰহণ কৰিছিল যদিও দুয়োজনে বেলেগ বেলেগ ইভেণ্টেত অংশগ্ৰহণ কৰিছিল।

১৯৬৮ চনৰ অলিম্পিকত ফ্ৰান্সিছে জুনিয়ৰে ব্যক্তিগতভাৱে ৫০ মিটাৰ ৰাইফলত অলিম্পিকত সৰ্বশ্ৰেষ্ঠ ১০ ম স্থান অধিকাৰ কৰিবলৈ সক্ষি হৈছিল।

এই পৰিয়ালটোৰ ফ্ৰান্সিছ ছিনিয়ৰে মুঠ পাঁচবাৰ অলিম্পিকত অংশগ্ৰহণ কৰাৰ বিপৰীতে তেওঁৰ ভাতৃ আৰু ফ্ৰান্সিছ জুনিয়ৰ খুড়া মাৰ্ছল লেফৰ্চুইনে শ্বুটিঙত চাৰিবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ফ্ৰান্সিছ জুনিয়ৰৰ আন এগৰাকী খুড়াক হুবাৰ্ট লেফৰ্চুইনে আকৌ ১৯৯২ চনৰ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বেলজিয়াম দলটোৰ সদস্য আছিল।

উল্লেখযোগ্য যে ফ্ৰান্সিছ জুনিয়ৰে প্ৰথমে নিজৰ মনোৰঞ্জনৰ বাবেহে শ্বুটিং কৰিছিল। নিজৰ পিতৃক দেখি দেখি শ্বুটিঙৰ বাবে আকৰ্ষিত হোৱা ফ্ৰান্সিছে পৰৱৰ্তী সময়ত খেলবিধৰ গুৰুত্ব উপলব্ধি কৰি নিজকে অলিম্পিকৰ বাবে সাজু কৰি তুলিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *