Monday, October 3, 2022
HomeNews১৮ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব এছিয়া একাদশ আৰু বিশ্ব একাদেশৰ টি-২০ ছিৰিজ;...

১৮ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব এছিয়া একাদশ আৰু বিশ্ব একাদেশৰ টি-২০ ছিৰিজ; এছিয়া একাদশৰ হৈ অংশগ্ৰহণ কৰিব ৫ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে

অহা ১৮ আৰু ২১ মাৰ্চত এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত অনুষ্ঠিত হ’ব দুখন টী-২০ মেচ। এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ছিৰিজৰ সূচী ঘোষণা কৰিছে বাংলাদেশ ক্ৰিকেট বৰ্ডে।

বাংলাদেশ ক্ৰিকেট বৰ্ডে ঘোষণা কৰা সূচী অনুসৰি এই দুয়োখনেই মেচ খেলোৱা হ’ব ঢাকাৰ শেৰ বাংলা ষ্টেডিয়ামত। বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে  বাংলাদেশে এক বৰ্ষজোৰা ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই মেচ দুখনো ইয়াৰেই এক অংশ।

এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই টুৰ্ণামেন্টখনত বাংলাদেশৰ ফালৰ পৰা এছিয়া একাদশত খেলাৰ বাবে প্ৰথমতে ভাৰতৰ পৰা সাতগৰাকী ক্ৰিকেটাৰ বিচৰা হৈছিল যদিও পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে হে অংশগ্ৰহণ কৰিব বুলি চৰ্চা আৰম্ভ হৈছে।

বাংলাদেশ ক্ৰিকেট বৰ্ডে বিচৰা ভাৰতৰ সেই ক্ৰিকেটাৰ কেইগৰাকীৰ ভিতৰত আছিল বিৰাট কোহলি, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, ৰবীন্দ্ৰ জাডেজা আৰু মহেন্দ্ৰ সিং ধোনী। বাংলাদেশ ক্ৰেকেট বৰ্ডে বিচৰা এই সাত গৰাকী ক্ৰিকেটাৰৰ পৰিবৰ্তে বিচিচিআইয়ে পাঁচ গৰাকী ক্ৰিকেটাৰক পঠোৱাৰ সিদ্ধান্ত লয়। অৱশ্যে এতিয়ালৈকে সেই পাাঁচগৰাকী ক্ৰিকেটাৰ কোন কোন সেয়া এতিয়ালৈকে বি চি চি আইয়ে স্পষ্ট কৰা নাই।

অবশ্যে বাংলাদেশে বিচৰা ভাৰতীয় ক্ৰিকেটাৰ সকলৰ ভিতৰৰ অধিকাংশকে প্ৰেৰণ নকৰাৰ সম্ভাৱনাই অধিক। কাৰণ বাংলাদেশ ক্ৰিকেট বৰ্ডে বিচৰা ক্ৰিকেটাৰ কেইগৰাকীৰ ভিতৰত ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া আৰু ভুৱনেশ্বৰ কুমাৰ আঘাতৰ সমস্যাত খেল পথাৰৰ পৰা আতৰি আছে। ইয়াৰ উপৰিও প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী বহুদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰত আছে। সেয়েহ ধোনিৰ লগতে এই সকল ক্ৰিকেটাৰৰ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা ক্ষীণ।

আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি দীৰ্ঘদিনধৰি জিৰণি অবিহনেই খেল পথাৰত নামি আছে। যাৰ বাবে আই পি এলৰ পূৰ্বে অধিনায়ক গৰাকীয়ে জিৰণি লোৱাৰ পূৰ্ণ সম্ভৱনা আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments