১৫ মে’, গুৱাহাটী : ক’ভিডজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ITF Tang Soo Do Sports Association of Assam ৰ উদ্যোগত ১৯ আৰু ২০ জুন তাৰিখে সৰ্বভাৰতীয় পৰ্যায়ত নেচনেল টাং চু ডু ভাৰ্চুৱেল চেম্পিয়নশ্বিপ-২০২১ অনুষ্ঠিত কৰা হ’ব।
প্ৰতিযোগিতাখন মুঠ চাৰিটা শাখা- কাটা, weapon কাটা, Nonstop Kicks আৰু Aero Martial Arts ত অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে, অসমত টাং চু ডুৰ প্ৰশিক্ষাৰ্থীসকলক এপ্ৰিল মাহৰ শেষৰ পৰাই অনলাইন মাধ্যমৰে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। প্ৰতিযোগিতাখনৰ সিবিশেষ জানিবলৈ ৯৮৬৪১০৯২০১ আৰু ৯৮৭৩৭৯৯০৯৯ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।