Wednesday, July 6, 2022
HomeNews১-২ জুনত সৰুসজাইত ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা

১-২ জুনত সৰুসজাইত ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা

১-২ জুনত সৰুসজাইত ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: অসম এথলেটিকছ সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব প্ৰথম ৰাজ্যিক মুকলি মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা । পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ১০০ বছৰ উৰ্ধ্বৰ ১৪টা শাখাত খেলুৱৈসকলৰ বাবে মুকলি থকা প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অংশগ্ৰহণৰ প্ৰক্ৰিয়া উদ্যোক্তাসকলে মুকলি কৰিছে ।

আৰু অধিক পঢ়ক

এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা বাছনি হোৱা খেলুৱৈসকলে অহা ১৬-১৯ জুনত গুজৰাটৰ বডোদৰাত ভাৰতীয় এথলেটিকছ ফেডাৰচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলে বয়সৰ প্ৰমাণপত্ৰ হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড/জন্মৰ প্ৰমাণপত্ৰ/আধাৰ কাৰ্ড/পেন কাৰ্ড লগত আনিব লাগিব ।লগতে এথলীটসকলে কভিড প্ৰতিৰোধী ভেকচিন গ্ৰহণৰ প্ৰমানপত্ৰও অংশগ্ৰহণৰ পূৰ্বে জমা দিব লাগিব ।

এগৰাকী প্ৰতিযোগীয়ে ব্যক্তিগত শাখাৰ দুটাকৈ ইভেন্টত যোগদান কৰিব পৰা এই প্ৰতিযোগিতাত প্ৰায় ৪০০ তকৈও অধিক ইভেন্ট অনুষ্ঠিত হ’ব ।খেলুৱৈসকলে ২৮ জুনৰ পূৰ্বে অংশগ্ৰহণৰ নিশ্চয়তা অসম এথলেটিকছৰ assamathleticsassociation@gmail.com ই-মেইলত প্ৰেৰণ কৰিব লাগিব ।

আনহাতে অংশগ্ৰহমকাৰী এথলীটসকলক ৩১ মে’ত সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্থিত হোৱাৰ বাবে উদ্যোক্তাসকলে অনুৰোধ জনোৱাৰ লগতে প্ৰতিযোগিতাৰ দুদিনীয়া কাৰ্যসূচীত সমূহ খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমী দৰ্শকৰ উপস্থিতি অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে আন্তৰিকতাৰে কামনা কৰিছে । আনহাতে অহা ১-২ জুনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ পূৰ্বে প্ৰস্তুতি সম্পৰ্কে আৰু প্ৰতিযোগিতাৰ কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অসম এথলেটিকছ সন্থাৰ বিষয়-ববীয়াসকলৰ বৃহস্পতিবাৰছ এখন ভাৰ্চুৱেল সভাও অনুষ্ঠিত হয় ।

খেলুৱৈৰ বাবে ভৰ্তি মাছুল ১০০০ টকা

এই সভাতে অংশগ্ৰহণকাৰী সকলো খেলুৱৈৰ বাবে ১০০০ টকাৰ ভৰ্তি মাছুল ধাৰ্য কৰা হয় ৷ অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক কুমাৰ ভৰালীয়ে ৰাজ্যখনত প্ৰথমবাৰলৈ আয়োজিত মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ৰাজ্যখনৰ সকলো খেলুৱৈকে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সমাজৰ সকলো বয়সৰ লোকৰ বাবে খেলা-ধূলা কৰাৰ বিষয়ে আঁচনি গ্ৰহণ কৰিছে ৷ এই আঁচনি অনুসৰি সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ বাবে খেলা-ধূলাৰ বিকল্প নাই ৷

ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৩৫ বছৰ উদ্ধৰ্ৰ খেলুৱৈসকলে সমাজৰ উদীয়মান যুৱক-যুৱতীৰ লগতে কিশোৰ-কিশোৰীক উৎসাহিত কৰি তেওঁলোকক ক্ৰীড়াক্ষেত্ৰত সক্ৰিয় হোৱাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ এই লক্ষ্য আগত ৰাখি প্ৰথমে ৰাজ্যিক ভিত্তিত আৰু পাছত ৰাষ্ট্ৰীয় পৰ্যায়ত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাৰ কাৰ্যসূচী ভাৰতীয় এথলেটিকছ ফেডাৰেচনে গ্ৰহণ কৰিছে ৷ ইতিমধ্যে কেৰালা আৰু নতুন দিল্লীত অনুস্থিত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ কেইবাগৰকীও খেলুৱৈয়ে বিশেষ সুনাম অৰ্জন কৰিছে ৷ সেই দিশৰ পৰা সৰুসজাইত অনুষ্ঠিত হ’বলগা এই ৰাজ্যিক প্ৰতিযোগিতা অত্যন্ত অকৰ্ষণীয় আৰু উচ্চ মানৰ হ’ব বুলি ধাৰণা কৰা হৈছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments