Monday, October 3, 2022
HomeNews১ ৰান সংগ্ৰহ কৰিবলৈ যাক প্ৰয়োজন হৈছিল ৬বছৰ : বিশ্ব ক্ৰিকেটত শূন্য...

১ ৰান সংগ্ৰহ কৰিবলৈ যাক প্ৰয়োজন হৈছিল ৬বছৰ : বিশ্ব ক্ৰিকেটত শূন্য যাৰ পৰিচয় হৈ পৰিছিল

✍️ তুষাৰ প্ৰতিম

২০১৬ চনত মুক্তি প্ৰাপ্ত বলিউডৰ জনপ্ৰিয় ছবি এম এছ ধোনি দ্যা আন্ট’ল্ড ষ্টৰি উপভোগ নকৰা ব্যক্তি হয়তো খুব কমেই ওলাব। ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনত ধোনিৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰয়াত সুশান্ত সি‌ং ৰাজপুটে। আনহাতে প্ৰিয়ংকা ঝাৰ চৰিত্ৰত অভিনয় কৰিছিল দিছা পাটানিয়ে। আপোনালোকৰ হয়তো নিশ্চয় ধোনিয়ে বিমানৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰিয়ংকাক লগপোৱাৰ সেই বিশেষ দৃশ্যটো মনত আছে। য’ত প্ৰিয়ংকাই ভাৰতীয় ক্ৰিকেট দলৰ অন্য ক্ৰিকেটাৰৰ autograph বিচাৰি ধোনিক খাটনি ধৰিছিল অথচ ধোনি যে ভাৰতীয় ক্ৰিকেটাৰ সেই কথা জনা নাছিল। ধোনিয়েও প্ৰিয়ংকাক তেওঁৰ বিফলতাৰ কথা স্পষ্টকৈ কোৱাৰ উপৰিও এইটোও কৈছিল যে পৰবৰ্তী মেচত তেওঁক দলত স্থান দিয়া হ’ব নে নাই সেয়া তেওঁ নাজানে। প্ৰিয়‌ংকাই অৱশ্যে ধোনিক কৈছিল যে তেওঁ পৰবৰ্তী মেচত দলত স্থান পোৱাৰ উপৰিও ভাল খেল খলিব পাৰিব। প্ৰিয়ংকা কথা সত্য প্ৰমাণিত হৈছিল।

ধোনিৰ ছবিখনৰ পৰা আমি দেখিছিলোঁ কিদৰে বাৰে বাৰে বিফল হৈ এসময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হৈছিল ধোনি। আত্মপ্ৰকাশ কৰা মেচত শূন্যত আউট হোৱা ধোনিয়েই ভাৰতীয় দলৰ অধিনায়ক হোৱাৰ উপৰিও তেওঁৰ নেতৃত্বতে বিশ্বকাপ জয় কৰিছিল।

পিছে বিশ্ব ক্ৰিকেটত এনে বহু ক্ৰিকেটাৰ আছে যাৰ কেৰিয়াৰৰ প্ৰথম অৱস্থা বিফলতাৰে ভৰপূৰ। এনেকুৱাও হৈছে মাত্ৰ এটা ৰান সংগ্ৰহ কৰিবলৈকে অপেক্ষা কৰিবলগীয়া হৈছে বছৰৰ পিছত বছৰ। বাৰে বৰে বাহিৰ হৈছে জাতীয় দলৰ পৰা। কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু ধৈৰ্য্যৰ বলত পুনৰ দলত নিজৰ বাবে উলিয়াই লৈছে এটা সুকীয়া স্থান, ৰাখি থৈ গৈছে বিশ্ব ক্ৰিকেটত নিজৰ নাম। এনে এজন ক্ৰিকেটাৰৰ নাম হৈছে Marvan Atapattu।

চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ পূৰ্বৰ।অধিনায়ক Marvan Atapattu ৰ নাম কোনে শুনা নাই! এই গৰাকী মহান ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত ভুমুকি মৰাৰ পিছত ধাৰাবাহিক ভাৱে শূন্যত আউট হৈছিল যাৰ বাবে দলৰ পৰা বাহিৰ হবলগীয়া হৈছিল। ইয়াৰ পিছত পুনৰ দললৈ ২১ মাহৰ পিছত উলটি আহি সংগ্ৰহ কৰিছিল মাত্ৰ ১ৰান। আকৌ আৰম্ভ হৈছিল শূন্যত আউট হোৱাৰ দুৰ্ভাগ্যজনক ঘটনা। আন্তঃৰাষ্ট্ৰীয় টেষ্টত ১ ৰানৰ পিছত দ্বিতীয়টো ৰান সংগ্ৰহ কৰিবলৈ Marvan ক প্ৰয়োজন হৈছিল ৬ বছৰ।

১৯৯০ চনৰ নৱেম্বৰ মাহ। ভাৰত ভ্ৰমণলৈ অহা শ্ৰীলংকা দলটোৰ চিৰিজৰ একমাত্ৰ টেষ্ট খনত আত্ম প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছিল ২০ বছৰীয়া Marvan Atapattu য়ে। মেচখনৰ প্ৰথম ইনিংছত শ্ৰীলংকা দলটো ৮২ ৰানত অল আউট হৈছিল। য’ত Marvan পঞ্চম উইকেটৰ পিছত বেটিং কৰিবলৈ আহি শূন্যত আউট হৈছিল। চিৰিজৰ এই একমাত্ৰ টেষ্ট খনৰ দ্বিতীয় ইনিংছটো Marvan বিফল হ’ল। শূন্যতে আউট। আত্ম প্ৰকাশৰ মেচত কৰা শূন্য ৰানৰ বাবে দলৰ পৰা বাহিৰ হ’ল Marvan ।

প্ৰথম বাৰ বিফলৰ পিছত দ্বিতীয় বাৰ সুযোগ আহিল ১৯৯২ চনত। বিফলতাই তলাব নোৱাৰা Marvan য়ে প্ৰচুৰ অনুশীলন আৰু একাগ্ৰতাৰ বলত প্ৰথম শ্ৰেণীৰ মেচত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে। যাৰ বাবে দ্বিতীয় বাৰৰ বাবে জাতীয় টেষ্ট দলত Marvan ক পুনৰ নিৰ্বাচকে স্থান দিবলৈ বাধ্য হ’ল। অষ্ট্ৰেলিয়াৰ বিপক্ষে পুনৰ দললৈ আগমন ঘটা Marvan য়ে প্ৰথম ইনিংছত সংগ্ৰহ কৰিলে শূন্য। অৱশ্যে দ্বিতীয় ইনিংছত জাতীয় দলৰ হৈ সংগ্ৰহ কৰিলে আন্তঃৰাষ্ট্ৰীয় মেচত নিজৰ প্ৰথমটো ৰান। আন্তঃৰাষ্ট্ৰীয় টেষ্টত নিজৰ লগতে দলৰ বাবেও মাত্ৰ এক ৰান কৰি পুনৰ আউট হ’ল Marvan। লগে লগে দলৰ পৰা বাহিৰ Marvan।

পূৰ্বে দলৰ পৰা বাহিৰ কৰি দিয়াৰ পিছতো Marvan যিদৰে ভাঙি পৰা নাছিল ঠিক সেইদৰে এইবাৰো ভাঙি নপৰিল। পুনৰ আৰম্ভ কৰিলে নেট প্ৰেক্টিছ। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আকৌ সংগ্ৰহ কৰিলে হাজাৰৰো অধিক ৰান। সংগ্ৰহ কৰিলে কেইবাটাও শতক। যাৰ বাবে পুনৰ শ্ৰীলংকাৰ টেষ্ট দলত তৃতীয় বাৰৰ বাবে স্থান লাভ কৰিলে Marvan য়ে। ১৭ মাহৰ পিছত জাতীয় টেষ্ট দললৈ আগমন ঘটা Marvan য়ে মেচৰ দুয়োটা ইনিংছত পুনৰ শূন্যত আউট হ’ল। আন্তঃৰাষ্ট্ৰীয় মেচত চূড়ান্ত ৰূপত বিফল হোৱাৰ ধাৰাবাহিকতা পুনৰ ৰক্ষা কৰিলে।

বিফলতাৰ ধাৰাবাহিকতাই প্ৰায় শেষ কৰি পেলাইছিল Marvan ৰ কেৰিয়াৰ। অৱশ্য প্ৰচুৰ মানসিক শক্তিৰ অধিকাৰী Marvan য়ে তেতিয়াও হাৰ নামানিলে। কঠোৰ নেট প্ৰেক্টিছ আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ ফিল্ডত হাতত বেটখন লৈ কৰা তাণ্ডৱ নৃত্যৰ বাবেই হয়তো শ্ৰীলংকাৰ নিৰ্বাচকে বাৰে বাৰে বিফল হোৱাৰ পিছতো পুনৰ জাতীয় টেষ্ট দলত স্থান দিবলৈ বাধ্য হ’ল Marvan ক। অৱশ্যে এইবাৰ Marvan য়ে আন্তঃৰাষ্ট্ৰীয় টেষ্টত নিজৰ বিফলতাৰ ধাৰাবাহিকতা ভংগ কৰিলে। সম্পূৰ্ণ ৬ বছৰৰ পিছত আন্তঃৰাষ্ট্ৰীয় টেষ্টত Marvan য়ে সংগ্ৰহ কৰিলে তেওঁৰ দ্বিতীয়টো ৰান। কেৱল দ্বিতীয়টো ৰান সংগ্ৰহ কৰাই নহয়, সফলতাৰে নিজৰ কেৰিয়াৰ আগবঢ়াই নি আন্তঃৰাষ্ট্ৰীয় টেষ্টত সংগ্ৰহ কৰিলে ৫ হাজাৰতকৈ অধিক ৰান। নিজৰ নামত ৰেকৰ্ড গঢ়ি ৬ টা দ্বিশতক আৰু ১৬ টা শতক সংগ্ৰহ কৰিলে। আনহাতে শ্ৰীলংকাৰ এদিনীয়া দলটো স্থান লাভ কৰি সংগ্ৰহ কৰিলে ৮ হাজাৰতকৈ অধিক ৰান। ১ ৰানৰ পৰা দ্বিতীয়টো ৰান সংগ্ৰহ কৰিবলৈ ৬ বছৰ প্ৰয়োজন হোৱা এই Marvan ক দিয়া হ’ল শ্ৰীলংকাৰ জাতীয় দলৰ অধিনায়কৰ দায়িত্ব। অধিনায়ক হিচাপেও সফল হ’ল তেওঁ। ইয়াৰ উপৰিও আকৌ অৱসৰৰ পিছত সফল ভাবেই শ্ৰীলংকাৰ প্ৰশিক্ষকৰো দায়িত্ব পালন কৰিলে Marvan য়ে।

বিফলতাৰ ধাৰাবাহিকতাই তলাব নোৱাৰা, প্ৰচুৰ মানসিক শক্তিৰ অধিকাৰী Marvan Atapattu বিশ্ব ক্ৰিকেটৰ এজন মহান ক্ৰিকেটাৰ ৰূপে পৰিগণিত হ’ল। ধৈৰ্য, একাগ্ৰতা, দৃঢ়তা, কষ্ট আৰু সহ্যৰ বলত Marvan Atapattu য়ে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিলে। যিজন ব্যক্তিয়ে ১ ৰানৰ পিছত দ্বিতীয়টো ৰান সংগ্ৰহ কৰিবলৈ ৬ বছৰ অপেক্ষা কৰিছে তেওঁৰ পৰা নিশ্চয়কৈ আমি শিকিবলগীয়া‌ বহুত কিবাকিবি আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments