Monday, May 16, 2022
HomeNews২মাহ পিছত ক্ৰিকেট উপভোগ কৰিবলৈ ষ্টেডিয়ামলৈ যাব পাৰিব দৰ্শক!

২মাহ পিছত ক্ৰিকেট উপভোগ কৰিবলৈ ষ্টেডিয়ামলৈ যাব পাৰিব দৰ্শক!

অলিম্পিয়াৰ প্ৰতিবেদন

আহিছে ভাল খবৰ। শীঘ্ৰেই ষ্টেডিয়ামৰ আসনত বহি ক্ৰিকেট উপভোগ কৰিব পাৰিব দৰ্শকে। আইপিএলৰ পিছতে অনুষ্ঠিত হ’বলগীয়া এখন মেচৰ জড়িয়তে দৰ্শকসকল ষ্টেডিয়ামলৈ আহিব পাৰিব। যদিও কৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে ডুবাইত বিভিন্ন সুৰক্ষা ব্যৱস্থাৰ মাজেৰে আইপিএল অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে তথাপিও তাত কৰ’নাৰ বাবেই দৰ্শকৰ উপস্থিতি শূন্য কৰা হৈছে।

২ মাহৰ পিছত ভাৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ কথা। সকলো ঠিকেই থাকিলে ভাৰতীয় দলে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাতে দৰ্শকসকল ষ্টেডিয়ামলৈ আহিব পাৰিব। অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ চৰকাৰে এনে এক পদক্ষেপেই লবলৈ আগবাঢ়িছে। ভিক্টোৰিয়া ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বী ডেনিয়েল এণ্ড্ৰিউজে এই বিষয়ত কয় যে, তেওঁলোকে মেলবৰ্ণত ভাৰতীয় দলৰ বিপক্ষে বক্সিং ডে’ টেষ্টত দৰ্শকক ষ্টেডিয়ামলৈ আহিবলৈ অনুমতি দিবলৈ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ লগত কথা পাতিছে।

ভিক্টোৰিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কৈছে যে, তেওঁলোকৰ চৰকাৰে ক্ৰিকেটৰ উপৰিও অষ্ট্ৰেলিয়ান অপেন গ্ৰেণ্ড শ্লাম টেনিছ অনুষ্ঠিত কৰাৰ সময়তো দৰ্শকৰ উপস্থিতি সুনিশ্চিত কৰিবলৈ টেনিছ অষ্ট্ৰেলিয়াৰ লগত কথা পাতিছে।

এণ্ড্ৰিউজে কয়, ষ্টেডিয়ামলৈ দৰ্শক অহাৰ পূৰ্বে আমি বহু কথাই নিশ্চিত কৰিব লাগিব। আমি চাব লাগিব দৰ্শকৰ সুৰক্ষিত সংখ্যা কিমান হ’ব। এই সময়ত এইটো কোৱা সম্ভৱ নহ’ব যে কিমান সংখ্যক দৰ্শক আহিলে সকলো সুৰক্ষিত হৈ থাকিব। আমি অধিকতকৈ অধিক দৰ্শক হোৱাটো আশা কৰোঁ। অৱশ্যে সকলো সুৰক্ষিত হোৱাকৈ।

ইফালে ভিক্টোৰিয়াৰ প্ৰধানমন্ত্ৰীৰ এনে মন্তব্যৰ বিপৰীতে আকৌ ৰাজ্যখনত দিনক দিনে বৃদ্ধি পোৱা কৰ’না সংক্ৰমণৰ ঘটনাৰ বাবে প্ৰতিবছৰে ২৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা বক্সিং ডে’ টেষ্টো ভিক্টোৰিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ পৰা অন্যস্থানলৈ স্থানান্তৰিত কৰিব বুলিও গুজৱ চলি আছে বুলি জানিব পৰা গৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments