Tuesday, July 5, 2022
HomeNews২০১৬ ৰ টেষ্টৰ পুনৰাবৃত্তি হ'বনে চেন্নাই টেষ্টত

২০১৬ ৰ টেষ্টৰ পুনৰাবৃত্তি হ’বনে চেন্নাই টেষ্টত

কালিলৈ ভাৰতে চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব প্ৰথমখন টেষ্ট। টেষ্ট শৃংখলাটোত ভাৰতকেই ফেভাৰিট দিয়া হৈছে যদিও ইংলেণ্ডক দুৰ্বল বুলি ক’লেও ভুল কোৱা হ’ব। দুয়োটা দলে ইয়াৰ পূৰ্বে টেষ্ট ক্ৰিকেটত চেন্নাইতে মুখামুখি হৈছিল। টেষ্টখনত ভাৰতে ৭৫ ৰানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। এই টেষ্টৰ বিজয়ৰ নায়ক হৈ পৰিছিল ভাৰতীয় দলৰ এজন অলৰাউণ্ডাৰ।

২০১৬ চনৰ ১৬ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ চেন্নাই টেষ্টত ভাৰতৰ বিজয়ৰ নায়কলৈ পৰিণত হোৱা অলৰাউণ্ডাৰ জন আছিল ৰবীন্দ্ৰ জাদেজা। জাদেজাই সেইবাৰ ইংলেণ্ডৰ ১০ টাকৈ উইকেট দখল কৰি ভাৰতক বিজয়ৰ সোৱাদ দিছিল। অৱশ্যে বৃহস্পতীবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টত জাদেজা ভাৰতীয় দলত নাথাকিব। আঙুলিৰ আঘাতৰ বাবে জাদেজা দলৰ পৰা বাহিৰত আছে।

২০১৬ চনৰ চেন্নাই টেষ্টত ইংলেণ্ডে প্ৰথমে বেটিং কৰি ৪৭৭ ৰান সংগ্ৰহ কৰে। এই প্ৰথম ইনিংছত ভাৰতৰ হৈ সৰ্বাধিক ৩ টা উইকেট দখল কৰে ভাৰতীয় দলে। ইয়াৰ পিছত ভাৰতে বেটিং কৰিবলৈ আহি কৰুণ নায়েৰৰ ঐতিহাসিক ৩০৩ ৰানৰ সহায়ত ৭ উইকেটৰ বিনিময়ত ৭৫৯ ৰান কৰি ইনিংছ ঘোষণা কৰে। ইয়াৰ পিছত ইংলেণ্ডে দ্বিতীয় ইনিংছ খেলিবলৈ আহি ২০৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই। দ্বিতীয় ইনিংছটো সৰ্বাধিক উইকেট দখল কৰিলে জাদেজাই। ইংলেণ্ডৰ৭ টা উইকেট দখল কৰিলে জাদেজাই। ফলস্বৰূপে ভাৰতে ইনিংছ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

৫ ফেব্ৰুৱাৰীৰ পৰা পুনৰ ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলপথাৰত নামিব। এইবাৰ ভাৰতীয় দলত ৰবীন্দ্ৰ জাদেজা নাই যদিও আছে বহু কেইজন অভিজ্ঞত বলাৰ আৰু অলৰাউণ্ডাৰ। ভাৰতে ২০১৬ চনৰ পুনৰাবৃত্তি কৰিব পাৰিবনে? দ্বিতীয় এজন জাদেজা ওলাবনে? যিয়ে বেটে বলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি মেচখনক ঐতিহাসিক কৰি তুলিব? পাৰিবনে ৰোহিত, বিৰাট, আজিংক্য‌ই ৰাজকীয় ইনিংছ খেলি পাহাৰসম স্ক’ৰ থিয় কৰিবলৈ? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি অপেক্ষা কৰিব লাগিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments