২০১৯ লৰিয়াছ বঁটা জ’ক’ভিচলৈ

অলিম্পিয়াৰ প্ৰতিবেদক ঃ ক্ৰীড়া বিশ্বৰ এটি উল্লেখযোগ্য সন্মান লৰিয়াছ সন্মান ২০১৮ বৰ্ষত ক্ৰীড়াক্ষেত্ৰখনত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ কাৰণে এইবেলি ন’ভাক জ’ক’ভিচে লাভ কৰিছে। জ’ক’ভিচৰ লগতে এইবাৰ এই পুৰস্কাৰ লাভ কৰিছে জিমনাষ্ট ছিমন বাহল্‌ছ, প্ৰখ্যাত গল্‌ফাৰ টাইগাৰ উডছ আৰু বিশ্বকাপ ফুটবল বিজয়ী দল ফ্ৰান্সে। উল্লেখযোগ্য যে আঁঠুৰ আঘাতৰ পিছত প্ৰত্যাৱৰ্তন কৰি যোৱা তিনিটা গ্ৰেণ্ডশ্লেম জয় কৰা জ’ক’ভিচে চতুৰ্থবাৰৰ বাবে এই পুৰস্কাৰ জয় কৰে।      ৰ’জাৰ ফেডাৰাৰে অভিলেখসংখ্যক ৫ বাৰ এই পুৰস্কাৰ জয় কৰি থৈছে। জিমনাষ্ট ছিমন বাইল্‌ছক বছৰৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ লৰিয়াছ বঁটা দিয়া হয়। তেওঁ বিশ্ব চেম্পিয়নশ্বিপত অবিস্মৰণীয় প্ৰদৰ্শন কৰি ৪টা স্বৰ্ণপদক, এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক জয় কৰিছিল। জাপানৰ টেনিছ তাৰকা নাউমি অ’ছাকাক ‘ব্ৰেকথ্ৰু অৱ দ্য ইয়েৰ’ বঁটাৰ বাবে বাছনি কৰা হয়। গল্‌ফ তাৰকা উডছক প্ৰত্যাৱৰ্তন কৰা বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বাছনি কৰা হয়। ভাৰতীয় মল্লযুঁজাৰু ভিনেছ ফগাটেও এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, ভাৰতৰ ঝাৰখণ্ডৰ গ্ৰামীণ ক্ষেত্ৰত কাম কৰা সংস্থা ‘যুৱা’ক লৰিয়াছ স্প’টৰ্ছ ফৰ গুড’ পুৰস্কাৰ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *