ভাৰতত অনুষ্ঠিত হ’ব ২০২১ চনৰ টি-২০ বিশ্বকাপ প্ৰতিযোগিতা। প্ৰতিযোগিতাখন ভাৰতত অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰাটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাবে সন্মানৰ কথা বুলি উল্লেখ কৰিছে ব’ৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে।
২০২০ চনত অষ্ট্ৰেলিয়াত টি-২০ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ভিড-১৯ ৰ বাবে প্ৰতিযোগিতাখন স্থগিত ৰাখিবলগীয়া হৈছে। অৱশ্যে অষ্ট্ৰেলিয়াত ২০২২ চনত পুনৰ টি-২০ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে আগন্তুক বৰ্ষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনক লৈ কয় এইদৰে,
‘ICC মেনছ টি-২০ বিশ্বকাপ আয়োজন কৰাৰ সুযোগ লাভ কৰাটো আমাৰ বাবে বহু সন্মানৰ কথা। ১৯৮৭মেনছ ক্ৰিকেট বিশ্বকাপৰ পিছত ভাৰতে বহু বিশ্বমানৰ কাৰ্যসূচী সফলভাবে আয়োজন কৰিছে।’
ইয়াৰ উপৰিও গাংগুলীয়ে কয়,
‘মই এগৰাকী খেলুৱৈ হিচাপে ICC টুৰ্ণামেণ্টৰ সদস্য হোৱাৰ আনান্দ লাভ কৰিছোঁ আৰু মোৰ অভিজ্ঞতাৰ পৰা জানোঁ এই খেলবিধক চোৱসকলৰ বাবে ইয়াৰ পৰিৱেশতকৈ বেছি একো হ’ব নোৱাৰে। মই এতিয়া এগৰাকী প্ৰশাসক হিচাপে নিজৰ ভূমিকা পালন কৰিবলৈ উৎসাহিত হৈ আছোঁ কিয়নো আমি প্ৰতিষ্ঠিত কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ প্ৰস্তুত হৈ আছোঁ।
উল্লেখ্য যে ২০২১চনৰ অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’ব ICC ৰ মেগা ইভেণ্টখন।