অলিম্পিয়াৰ প্ৰতিবেদন
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতত অহা বর্ষৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ বাবে পাকিস্তানৰ খেলুৱৈ আৰু কর্মকর্তাৰ ভিছা সময়মতে নিশ্চিত কৰিবলৈ আই চি চিক আহ্বান জনাইছে৷
পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কার্যবাহী বিষয়া ৱাছিম খানে সংবাদ মাধ্যমৰ সন্মুখত এই বিষয়ত কয় যে, ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপত পাকিস্তানৰ ক্ৰিকেটাৰ আৰু বিষয়াসকলে যাতে অংশ ল’ব পাৰে, তাক নিশ্চিত কৰিবলৈ আই চি চিয়ে আমাক আগতীয়াকৈ ভাৰতৰ ভিছাৰ নিশ্চয়তা দিব লাগিব৷ আই চি চিয়ে বিষয়টো ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড আৰু ভাৰত চৰকাৰৰ সৈতে আগতীয়াকৈ আলোচনা কৰা উচিত৷
উল্লেখযোগ্য যে সীমান্তত পাকিস্তানী সন্ত্রাসবাদীৰ কূটাঘাতমূলক কার্য বন্ধ নোহোৱালৈকে পর্যন্ত পাকিস্তানৰ সৈতে কোনোধৰণৰ দ্বিপাক্ষিক ক্রীড়া প্ৰতিযোগিতা অনুষ্ঠিত নহয় বুলি ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে৷ যাৰবাবে অহা বছৰত ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপত ভাৰত চৰকাৰে পাকিস্তানী খেলুৱৈক ভিছা প্রদানৰ পৰা বিৰত থকাৰ আশংকা কৰিয়েই পি চি বিয়ে আই চি চিক এইদৰে আগতীয়াকৈ আহ্বান জনাইছে৷
মন কৰিবলগীয়া যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক আৰু সামৰিক সংঘাতৰ বাবে সীমামূৰীয়া দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক শৃংখলা সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ শেষবাৰৰ বাবে ২০১৩ চনৰ জানুৱাৰী মাহতে ভাৰত-পাকিস্তানৰ মাজত দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হৈছিল৷ আনহাতে দুয়োখন দেশৰ মাজত শেষবাৰৰ বাবে টেষ্ট শৃংখলা অনুষ্ঠিত হৈছিল ২০০৭ চনত।