Wednesday, October 5, 2022
HomeNews২০২৬ আৰু ৩২ অলিম্পিকত পদক বিজয়ীৰ সংখ্যা বৃদ্ধি কৰাটোৱেই প্ৰধান লক্ষ্য :...

২০২৬ আৰু ৩২ অলিম্পিকত পদক বিজয়ীৰ সংখ্যা বৃদ্ধি কৰাটোৱেই প্ৰধান লক্ষ্য : উৰিষ্যাস্থিত HPC ৰ মুখ্য প্ৰশিক্ষক জেমচ হিলয়াৰ

অলিম্পিয়াৰ প্ৰতিবেদন

ৰাষ্ট্ৰীয় স্তৰত নিজেই প্ৰশিক্ষণ প্ৰদান কৰা এথলিটে আগবঢ়োৱা প্ৰভাৱশালী প্ৰদৰ্শনক লৈ উৎসাহী ৰিলায়েন্স ফাউণ্ডেশ্বন উৰিষ্যা এথলেটিকছ হাই-পাৰফৰ্মেঞ্চ চেন্তাৰৰ মুখ্য প্ৰৱিক্ষক জেমচ হিলিয়ৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈয়ে দেখুওৱা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই তেওঁ কয় যে, তেওঁৰ লক্ষ্য ২০২৬চনৰ যুৱ অলিম্পিক আৰু ২০৩২অলিম্পিক ক্ৰীড়াৰ বাবে পদক বিজয়ী সৃষ্টি কৰা।

হিলিয়াৰে কয় যে তেওঁৰ এটাই চেষ্টা যে HPC ক এছিয়াৰ ভিতৰত আটাইতকৈ ভাল হাই পাৰফৰ্মেঞ্চ এথলেটিকছ কেন্দ্ৰৰ হিচাপে তৈয়াৰ কৰা। এই কেন্দ্ৰ ৰিলায়েন্স ফাউণ্ডেশ্বন আৰু উৰিষ্যা চৰকাৰৰ সংযুক্ত প্ৰচেষ্টাৰ ফচল। এই প্ৰসংগত ২০১৮চনত দুয়ো পক্ষৰ মাজত এক চুক্তি স্বাক্ষৰ হৈ গৈছে। ইয়াৰ মূল লক্ষ্য‌ই হৈছে ৰাজ্যৰ এথলিটৰ প্ৰদৰ্শন উন্নত কৰা।

তেওঁ কয়, ৰিলায়েন্স ফাউণ্ডেশ্বন য়ুথ স্প’ৰ্টছে ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰাউণ্ড ডেভলপমেণ্ট প্ৰ’গ্ৰাম ২০১৯-২০ বৰ্ষত ৩০ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ইয়াত HPC ৰ মঞ্চ প্ৰতিভাৰ প্ৰাথমিক বিকাশৰ বাবে ব্যৱহাৰ কৰা হৈছে।

তেওঁ আকৌ কয়, ২০১৯ চনৰ নৱেম্বৰত বিজয়বাড়াত অনুষ্ঠিত হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দুটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক জয় কৰাৰ পিছত এই কেন্দ্ৰৰ এথলিটে এটা মাহৰ পিছতে কটকত অনুষ্ঠিত হোৱা উৰিষ্যা ৰাজ্য চেম্পিয়নশ্বিপত ১০টা স্বৰ্ণ, ৮ টা ৰূপ আৰু ৭ ব্ৰঞ্জৰ সহায়ত মুঠত ২৫টা পদক দখল কৰে।

জেমচ হিলিয়াৰৰ মতে উৰিষ্যাই বাস্তৱত সফৰ খেল নীতি তৈয়াৰ কৰিছে। তেওঁ আশা কৰে যে ৰাজ্যখনৰ পৰা তেওঁলোকে সফল খেলুৱৈৰ এক প্ৰজন্ম তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব। যি খেলুৱৈ এথলেটিকছত আগবাঢ়াব আৰু ভৱিষ্যতে ভাৰতৰ বাবে পদক দখল কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments