Tuesday, July 5, 2022
HomeNews'২২ গজ আৰু ২৪ বছৰৰ মাজত যি মোৰ জীৱন আছিল , বিশ্বাস...

‘২২ গজ আৰু ২৪ বছৰৰ মাজত যি মোৰ জীৱন আছিল , বিশ্বাস কৰিবলৈ কষ্ট হয় সেই যাত্ৰা সমাপ্ত হৈ গৈছে।’

‘২২ গজ আৰু ২৪ বছৰৰ মাজত যি মোৰ জীৱন আছিল , বিশ্বাস কৰিবলৈ কষ্ট হয় সেই যাত্ৰা সমাপ্ত হৈ গৈছে।’ এই বিশেষ কথাষাৰ যিসকলৰ কাণত পৰিছিল সেই সকলো ব্যক্তি এটা মুহূৰ্তৰ বাবে হলেও হৈ পৰিছিল ভাবুক।

২০১৩ চনৰ ১৬ নৱেম্বৰ। মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত কেৰিয়াৰৰ অন্তিমখন ক্ৰিকেট মেচত ভাগ লৈছিল বিশ্ব ক্ৰিকেটৰ ভগৱানস্বৰূপ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নিজৰ কেৰিয়াৰৰ অন্তিম তথা ২০০ সংখ্যক টেষ্ট মেচখনত শচীনে সামৰণি মাৰিছিল ২৪ বছৰীয়া এটা যাত্ৰা। হয়, আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচৰ পৰা সেইদিনাই বিদায় লৈছিল শচীন তেণ্ডুলকাৰে। অন্তিমখন মেচত শচীনে অনুৰাগীক উপহাৰ দিছিল ৭৪ ৰানৰ এটা অৰ্ধশতীয় ইনিংছ। মেচখনত ভাৰতে ৱেষ্ট ইণ্ডিজক ১২৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

এই মেচখনৰ শেষত শচীনে আগবঢ়াইছিল ক্ৰিকেটাৰ হিচাপে তেওঁৰ অন্তিমটো ভাষণ। যি ভাষণে বিশ্বৰ অলেখ ক্ৰিকেটৰ অনুৰাগীক মুহূৰ্তৰ বাবে কৰি তুলিছিল আৱেগিক।ষ্টেডিয়ামৰ গেলাৰীত দৰ্শকৰ চকুত চকুপানী টিভিৰ পৰ্দাত জিলিকি উঠিছিল। উচুপি উঠিছিল ‘ভগৱান’ শচীনেও।

‘মই আপোনালোক সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাব বিচাৰোঁ।লগতে কব বিচাৰোঁ সময় বহুত সোনাকালে সলনি হয় কিন্তু আপোনালোকে মোৰ লগত যি স্মৃতি জৰিত কৰিলে সেয়া সদায়েই মোৰ লগত থাকিব। বিশেষকৈ, ‘শচীন, শচীন, শচীন’ শব্দৰ গুঞ্জন শেষ উশাহৰলৈকে মোৰ কাণত গুঞ্জৰিত হৈ থাকিব।

শচীনৰ এই ভাষণৰ পিছতেই ষ্টেডিয়াম পুনৰ ‘শচীন, শচীন, শচীন’ শব্দৰে গুঞ্জৰি ত হৈ পৰিছিল। আৱেগত উপচি পৰিছিল শচীন আৰু ষ্টেডিয়ামৰ বাহিৰৰ ভিতৰৰ প্ৰতিজন ক্ৰিকেটৰ অনুৰাগী, শচীনৰ অনুৰাগী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments