Monday, October 3, 2022
HomeNews২৩ বছৰৰ পাছত ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেট শৃংখলা জয় ভাৰতীয় মহিলা দলৰ

২৩ বছৰৰ পাছত ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেট শৃংখলা জয় ভাৰতীয় মহিলা দলৰ

২৩ বছৰৰ পাছত ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেট শৃংখলা জয় ভাৰতীয় মহিলা দলৰ

অলিম্পিয়া প্ৰতিবেদন:  অধিনায়ক হৰমনপ্ৰীত কৌৰৰ অনবদ্য শতৰাণ আৰু ৰেণুকা সিং ঠাকুৰৰ দুৰ্দান্ত বলিঙৰ সহায়ত ইতিহাস গঢ়িলে ভাৰতীয় মহিলা ক্ৰিকেট দলে ৷ বুধবাৰে দ্বিতীয় এদিনীয়া মেচত ইংলেণ্ডক ৮৮ ৰাণত পৰাস্ত কৰে ভাৰতৰ মহিলা দলটোৱে ৷ প্ৰথমখন এদিনীয়া মেচত ভাৰতে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰিছিল ৷ দুয়ো দলৰ মাজত অনুষ্ঠিত তিনিখন মেচৰ ভিতৰত ভ্ৰমণকাৰী দল ভাৰতে প্ৰথম দুখন মেচত জয়লাভ কৰাৰ লগে লগে এদিনীয়া শৃংখলাটোত ভাৰতীয় দলৰ বিজয় নিশ্চিত হ’ল ৷

ইয়াৰ লগে লগে ২৩ বছৰৰ পাছত ইংলেণ্ডৰ মাটিত এদিনীয়া শৃংখলা জয় কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে ৷ মেচখনত হৰমনপ্ৰীতে অপৰাজিত ১৪৩ ৰাণ কৰাৰ লগতে ৰেণুকা সিং ঠাকুৰে দখল কৰে ৪ টা উইকেট ৷ ২৩ বছৰৰ পাছত এদিনীয়া শৃংখলা জয় কৰাৰ লগতে এদিনীয়া মেচত আন এক অভিলেখ গঢ়িলে ভাৰতীয় মহিলা ক্ৰিকেট দলে ৷ মেচখনত হৰমনপ্ৰীতৰ শতৰাণৰ সহায়ত ভাৰতে মুঠ ৩৩৩ ৰাণ কৰে ৷ এয়া এদিনীয়া ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সৰ্বোচ ইনিংছ ৷

ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৫ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৩৩ ৰাণ ৷ ভাৰতৰ হাৰলীন দেউলে ৫৮ আৰু স্মৃতি মান্ধানাই ৪০ ৰাণ কৰে ৷ হৰমনপ্ৰীতৰ ১১১ বলৰ ইনিংছটোত আছিল ১৮ টা চাৰি আৰু ৪ টা ছয় ৷ প্ৰত্যুত্তৰত ইংলেণ্ডে ৪৪.২ অভাৰত ২৪৫ ৰাণতে ইনিংছ সামৰে ৷ বলিঙত ভাৰতৰ ৰেণুকা সিঙে ৫৭ ৰাণ ব্যয় কৰি ৪ টা উইকেট দখল কৰে ৷

এই ইংলেণ্ড ভ্ৰমণৰ টি ২০ শৃংখলাত ভাৰতে ১-২ ব্যৱধানত ইংলেণ্ডৰ ওচৰত হাৰ মানিছিল ৷ এতিয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি ভাৰতে মধুৰ প্ৰতিশোধ ললে ৷ ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ এয়া অন্তিমখন আন্তৰাষ্ট্ৰীয় শৃংখলা । সেই দিশৰ পৰা ২৩ বছৰৰ পাছত ইংলেণ্ডৰ মাটিত শংখলা জয় কৰাটো তেওঁৰ বাবে স্মৰণীয় হৈ ৰ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments