Tuesday, October 4, 2022
HomeNews২৪ টা কেমোথেৰাপিয়েও জীৱন বচাব নোৱাৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰক

২৪ টা কেমোথেৰাপিয়েও জীৱন বচাব নোৱাৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰক

২৪ টা কেমোথেৰাপিয়েও জীৱন বচাব নোৱাৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰক

অলিম্পিয়া প্ৰতিবেদন: ২৪ টা কেমোথেৰাপিয়েও জীৱন বচাব নোৱাৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰক । ৪০ বছৰ বয়সতে জীৱন নাট সামৰিলে বাংলাদেশৰ স্পীনাৰ মোছাৰফ হুইছেনে । ক্ৰিকেট বিশ্বত শোকৰ ছাঁ । মৃত্যুৰ সৈতে যুঁজি অকালতে নিয়তিৰ ওচৰত হাৰ মানিলে বাংলাদেশৰ ক্ৰিকেটাৰে । ২০১৯ চনত মস্তিষ্কৰ টিউমাৰ ধৰা পৰিছিল মোছাৰফৰ । ছিংগাপুৰত কৰা হৈছিল অস্ত্রোপচাৰ । ২৪ টা কেমোথেৰাপি লোৱাৰ পাছত ভাঙি পৰিছিল বাংলাদেশৰ তাৰকা স্পীনাৰ জন ।মংগলবাৰে শৰীৰৰ অধিক অৱনতি ঘটে ।বুধবাৰে বাংলাদেশ ক্ৰিকেট বৰ্ডে মৃত্যুৰ দিলে দুঃসংবাদ । ইয়াৰ পাছতেই ক্ৰিকেট বিশ্বত বৈ গল শোকৰ বন্যা ।

আৰু অধিক পঢ়ক

২০১৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে খেলপথাৰত নামিছিল মোছাৰফ । বাংলাদেশৰ হৈ তেওঁ খেলা পাঁচখন এদিনীয়াত দখল কৰিছিল চাৰিটা উইকেট । মোছাৰফে প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল ১১২ খন। প্ৰথম শ্ৰেণীৰ মেচত উইকেট দখল কৰিছিল মুঠ ৩৯২ টা । ইফালে ৫৬ খন ঘৰুৱা টি-২০ত খেলি তেওঁৰ নামত আছে ৬০ টা উইকেট । এক কথাত, বলিংশৈলীয়ে বাংলাদেশৰ লগতে সমগ্ৰ ক্ৰিকেট বিশ্বক মোহাচ্চন্ন কৰিছিল তেওঁ । মোছাৰফৰ অকাল বিয়োগত মৰ্মাহত হৈছে বিশ্বৰ আন আন ক্ৰিকেটৰ মহাতাৰকা সকল । বহুজনে তেওঁৰ মৃত্যুত কৰিছে দুখ প্ৰকাশ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

বাংলাদেশ তথা বিশ্বই হেৰুৱালে এজন প্ৰতিভাৱান স্পীনাৰক । ক্ৰিকেট বিশ্বৰ বাবে এই ক্ষতি অপূৰণীয় । তাৰকা স্পীনাৰজনৰ আত্মাৰ সদ্গতিৰ বাবে নেদেখাজনৰ ওচৰত সকলোৱে কৰিছে প্ৰাৰ্থনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments