অলিম্পিয়াৰ প্ৰতিবেদন
সুদীৰ্ঘ ১২ বছৰৰ মূৰত অসমৰ গ্লেমাৰ বয় এলভিছ আলী হাজৰিকাই লাভ কৰিলে এক বিশেষ স্বীকৃতি। ২০০৮ চনৰ ২৭ আগষ্টত নেহেৰু ষ্টেডিয়ামস্থিত বিমলা প্ৰসাদ চলিহা চুইমিং পুলত এলভিছে অবিৰতভাৱে ২৬ ঘণ্টা সাঁতোৰিবলৈ সক্ষম হৈছিল। ১২ বছৰ পূৰ্বে কৰা এলভিছৰ এই কষ্টক এতিয়া স্বীকৃতি প্ৰদান কৰিছে বেংগল বুক অফ ৰেকৰ্ডছে। স্মৰ্তব্য যে এলভিছে ইংলিছ চেনলৰ উপৰিও কেটেলিনা চেনেল সাঁতোৰা প্ৰথমজন অসমীয়া হোৱাৰ লগতে উত্তৰপূবৰো প্ৰথম ৰূপে পৰিগণিত হৈছে।
