Tuesday, October 4, 2022
HomeNews২৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত দক্ষিণ এছিয়া জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতা

২৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত দক্ষিণ এছিয়া জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতা

২৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত দক্ষিণ এছিয়া জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: অসম বেডমিণ্টন সন্থাৰ উদ্যোগত অহা ২৬-৩০ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব দক্ষিণ এছিয়া জুনিয়ৰ বেডমিন্টন প্রতিযোগিতা । উল্লেখ্য যে কৰ’না মহামাৰীৰ পাছত এইখনেই হ’ব অসমত প্রথম আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতা । অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে প্ৰতিযোগিতাখন আয়োজন তথা প্রস্তুতি সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাই যে ভারতসহ ছখন দেশে অংশ ল’ব লগা ১৫ আৰু ১৭ বছৰ অনূৰ্ধৰ ল’ৰা- ছোৱালীৰ উক্ত প্রতিযোগিতাৰ মেচ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ স্টেডিয়ামত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে তৃতীয়বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব দক্ষিণ এছিয়া জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতা । ইয়াৰ পূর্বে অসম বেডমিণ্টন সম্বাই দুবাৰকৈ এই মাণ্ডলিক আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতা সফলতাৰে আয়োজন কৰিবলৈ সক্ষম হৈছিল । যাৰবাবে এছিয়ান বেডমিণ্টন আৰু ভাৰতীয় বেডমিণ্টন সম্বাই অসন বেডমিণ্টন সন্থাৰ সাংগঠনিক দক্ষতাৰ ওপৰত বিশ্বাস ৰাখি পুনৰবাৰ গুৱাহাটীত দক্ষিণ এছিয়া জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ।

আয়োজক ৰাষ্ট্ৰ ভাৰতৰ লগতে এই প্রতিযোগিতাত অংশ ল’ব নেপাল, ভূটান, শ্রীলংকা, বাংলাদেশ আৰু মালদ্বীপৰ শ্বাটলাৰে । পাঁচ দিনীয়া প্রতিযোগিতাখনত ১৫ আৰু ১৭ বছৰ অনূৰ্ধৰ মিক্সড দলীয় ইভেণ্টৰ খেল হোৱাৰ লগতে ল’ৰা-ছোৱালী উভয় শাখাৰে একক, ডাবলছ আৰু মিক্সড ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ মুখ্য বেফাৰী হিচাপে এছিয়ান বেডমিন্টনে শ্রীলংকাৰ অকণা সন্নিবা বিজেছেতাৰাক ইতিমধ্যে মনোনীত কৰিছে ।

আনহাতে, ভাৰতীয় বেডমিণ্টন সন্থাই সহযোগী ৰেফাৰীৰূপে জি এ চিত্তৰঞ্জন শৰ্মা আৰু বিনীত গগৈক মনোনীত কৰিছে । তদুপৰি লগত থাকিব ১৫ জন টেকনিকেল বিষয়া । অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে লগতে জনাই যে প্রতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে অহা ২০ আৰু ২৪ ছেপ্টেম্বৰত দুদিনীয়াকৈ গুৱাহাটীতে প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় ৰেফাৰীৰ প্ৰশিক্ষণ পাঠ্যক্ৰম । ইয়াৰ বাবে মালয়েছিয়াৰ ছিনা না জাউক নিয়ন্ত্রক হিচাপে মনোনীত কৰিছে এছিয়ান বেডমিণ্টন আৰু ভাৰতীয় বেডমিণ্টন
সন্থাই ।

সম্পাদক ৰছিদে লগতে কয় যে প্রতিযোগিতাখন সফলতাৰে আয়োজন কৰাৰ বাবে ইতিমধ্যে ভাৰতীয় বেডমিণ্টন সন্থা আৰু অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । উল্লেখ্য যে ড° হিমন্ত বিশ্ব শৰ্মা এছিয়ান বেডমিণ্টনৰো উপ-সভাপতি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments