Thursday, July 7, 2022
HomeNews২৬ ফেব্ৰুৱাৰীৰ পৰা ১৭ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰণী চিনিয়ৰ পুৰুষ আৰু মহিলা...

২৬ ফেব্ৰুৱাৰীৰ পৰা ১৭ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰণী চিনিয়ৰ পুৰুষ আৰু মহিলা আন্তঃজিলা হেণ্ড বল প্ৰতিযোগিতা

নলবাৰীৰ বৰভাগত অনুষ্ঠিত হ’ব ১৭ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰণী চিনিয়ৰ পুৰুষ আৰু মহিলা আন্তঃজিলা হেণ্ড বল প্ৰতিযোগিতা। নলবাৰী জিলা কাডাদী সন্থা, হেণ্ডে বল সন্থাৰ উদ্যোগত আৰু অসম হেণ্ড বল সন্থাৰ তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।

জানিব পৰা মতে প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ২৫ খন জিলাৰ পুৰুষ আৰু মহিলা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া জিলাৰ দল সমূহে প্ৰতিযোগিতাখনৰ বিষয় সবিশেষ জানিবলৈ চন্দন হালৈৰ লগত (৯১০১৮ ৬৮২৮৬) যোগাযোগ কৰিব পাৰিব।

প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে কেইবাজনো ৰেফাৰী আয়োজকসকলে আমন্ত্ৰণ জনাইছে। সেই সকল ক্ৰমে গৌতম দাস, মন আকাশ বৰদলৈ, আশীক আলী ৱাৰিছ, পিকুল ৰয়, ৰমেন দাস, দিপক সৰকাৰ, অজিত ডেকা, মনিকা বড়ো, সৌৰভ ভগত, ৰেজেক আলী, তুলিকা তালুকদাৰ আৰু বাপন বৰ্মন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments