Thursday, July 7, 2022
HomeNews৩৫ বছৰত ভৰি দিলে ফুটবলৰ মহাতাৰকা লিয়'নেল মেচিয়ে

৩৫ বছৰত ভৰি দিলে ফুটবলৰ মহাতাৰকা লিয়’নেল মেচিয়ে

৩৫ বছৰত ভৰি দিলে ফুটবলৰ মহাতাৰকা লিয়’নেল মেচিয়ে

অলিম্পিয়া প্ৰতিবেদন: সেউজীয়া বননিত ফুটবলত দুভৰিৰ বুলনিৰে বিশ্ববাসীক আপ্লুত কৰিবলৈ সক্ষম হোৱা জাৰ্চী নাম্বাৰ ১০ – এ ভৰি দিলে ৩৫ বছৰত । শৈশৱতে দুভৰিৰ সমস্যাত ভুগা খেলুৱৈ গৰাকীয়ে কেতিয়াও ভাবিব পৰা নাছিল, এদিন সেই দুভৰিৰ যাদুৱে বিশ্ববাসীক মোহিত কৰি ৰাখিব ।

সেই খেলুৱৈজনৰে আজি জন্মদিন । নাম লিয়’নেল মেচি । ১৯৮৭ চনৰ ২৪ জুনত আৰ্জেন্টিনাৰ ৰোজাৰিয়ত জন্মগ্ৰহণ কৰে এইগৰাকী মহান খেলুৱৈয়ে । কৈ শেষ কৰিব নোৱাৰা গুণৰ অধিকাৰী খেলুৱৈ গৰাকীয়ে প্ৰথমবাৰৰ বাবে ২০০৯ চনত ফিফা ফুটবলাৰ হিচাপে বিবেচিত হয় ।

আৰু অধিক পঢ়ক

ইয়াৰ পাছত অভিলেখ সংখ্যক ৭ বাৰ তেওঁ এই সন্মানৰ অধিকাৰী হয় । বহুতৰ মতে মেছি হ’ল ক্ৰীড়া ইতিহাসৰ সৰ্বশেষ্ঠ ফুটবলাৰ । বাৰ্চিলোনাৰ বিখ্যাত যুৱ একাডেমী লা মাচিয়াৰ পৰা উত্তীৰ্ণ হোৱা মেছিয়ে মাত্ৰ ১৭ বছৰ বয়সতে ছিনিয়ৰ দলত অভিষেক ঘটে । আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডনাই মেছিক তেওঁৰ উত্তৰসূৰী বুলি বৰ্ণনা কৰিছিল । মেছিয়ে বাৰ্চিলোনাৰ হৈ ৭২৪ খন মেচত ৬৩০ টা গ’ল কৰিছে ।

স্পেইনৰ শীৰ্ষস্থানীয় ফুটবল লীগ লা লীগাত ৪৪৩ গ’লেৰে মেছিয়ে অধিকাংশ গ’ল স্কৰ কৰিছে । আৰ্জেন্টিনা ৰাষ্ট্ৰীয় দলৰ হৈ মেছিয়ে দিয়া গ’লৰ সংখ্যা ৮৬ টা । ইয়াৰ ভিতৰত ফিফা বিশ্বকাপত দিছে ৬ টা আৰু কোপা আমেৰিকাত দিছে ৯ টা গ’ল । ২০১২ বৰ্ষত মাত্ৰ ৬৯ খন মেচত তেওঁ গল দিছে ৯১ টা ।

একেটা বছৰতে ১ জন খেলুৱৈ সৰ্বাধিক গ’ল কৰা হিচাপে গিনিজ বুক অৱ ৰেকৰ্ডছে তেওঁক স্বীকৃতি দিছে । ৯১ টা গ’লৰ ভিতৰত ৭৯ টা বাৰ্চিলোনাৰ হৈ আৰু বাকী ১২ টা আৰ্জেন্টিনাৰ হৈ দিয়া গ’ল । মেছি হ’ল একমাত্ৰ খেলুৱৈ যিগৰাকীয়ে একেটা বছৰতে ৪ টা গুৰুত্বপূৰ্ণ ট্ৰফী লাভ কৰিছে । সেয়া হ’ল – বেলন ডেয়ৰ , ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ , পিচিচি ট্ৰফি আৰু গল্ডেন বুট বঁটা ।

তথাপি মেছিয়ে আৰ্জেন্টিনাক বিশ্বকাপ ফুটবল ট্ৰফী দিব পৰা নাই । তদুপৰি পেচাদাৰী ক্লাব ফুটবলত তেওঁ যি সাফল্য অৰ্জন কৰিছে সেয়া আৰ্জেন্টিনাৰ ৰাষ্ট্ৰীয় দলৰ হৈ পৰিলক্ষিত হোৱা নাই বুলি বহুতে মেছিক সমালোচনাও নকৰা নহয় । খেলপথাৰত দুভৰিৰ পৰশ পৰিলেই গেলাৰীত দৰ্শকৰ হৰ্ষধ্বনিৰে মুখৰিত কৰিবলৈ বাধ্য কৰা খেলুৱৈ গৰাকীৰ আজি এই পবিত্ৰ দিনটোতে ভগবানে পৃথিৱীলৈ পঠাইছিল ইতিহাস ৰচিবলৈ । তেওঁৰ এই পবিত্ৰ দিনটোত বিশ্ববাসীৰ লগতে আমিও জনালো অযুত শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments