Friday, September 30, 2022
HomeNews৩৬ সংখ্যক ৰাষ্ট্ৰীয় গেমছৰ বাবে অসম দলত ডেপুটি চীফ দ্যা মিছন ১০...

৩৬ সংখ্যক ৰাষ্ট্ৰীয় গেমছৰ বাবে অসম দলত ডেপুটি চীফ দ্যা মিছন ১০ গৰাকীক

৩৬ সংখ্যক ৰাষ্ট্ৰীয় গেমছৰ বাবে অসম দলত ডেপুটি চীফ দ্যা মিছন ১০ গৰাকীক

অলিম্পিয়া প্ৰতিবেদন: অসম অলিম্পিক সন্থাৰ সভাপতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে সাধাৰণ সম্পাদক লক্ষ্য কোৱঁৰে অনাগত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অংশগ্রহণ কৰিবলগীয়া অসম দলৰ ডেপুটি চীফ দ্যা মিছন হিচাপে ১০ গৰাকীক দায়িত্ব অৰ্পণ কৰিছে । তেওঁলোক হ’ল —– ধ্ৰুৱ জ্যোতি কলিতা, নিৰঞ্জন শ‍ইকীয়া, জেহিৰুল হক, বিষ্ণুৰাম নুনিচা, অমল নাৰায়ণ পাটোৱাৰী, বিপুল বৰ্মন, নৱজ্যোতি বসুমতাৰী, ডাঃ কবিতা মজুমদাৰ, বিজু ৰাম আৰু সুদীপ চক্রবর্তীক নিযুক্তি প্রদান কৰিছে । চীফ দ্যা মিছন ৰাজ
কাকতিৰ নেতৃত্বত অসম দলটো অহা ২৬ চেপ্টেম্বৰৰ পৰা পৰ্যায়ক্রমে গুজৰাট অভিমুখে যাত্ৰা কৰিব । উল্লেখযোগ্য যে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহ গুজৰাটৰ আহমদাবাদ, গান্ধীনগব, চুৰাট, ৰাজকোট, ভদোদৰা, ভাৱনগৰকে ধৰি সাতটা স্থানত অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাত খেলুৱৈ,
প্ৰশিক্ষক, মেনেজাৰকে ধৰি ৩০০ জনে অসম দলৰ হৈ অংশগ্ৰহণ কৰিব

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments