Tuesday, October 4, 2022
HomeNews৩৯ সংখ্যক নেহৰু কাপ ছাব-জুনিয়ৰ স্কুল হকী  অসম ১০ , গুজৰাট ০...

৩৯ সংখ্যক নেহৰু কাপ ছাব-জুনিয়ৰ স্কুল হকী  অসম ১০ , গুজৰাট ০ ; অসম ৩ , মহাৰাষ্ট্ৰ ২

৩৯ সংখ্যক নেহৰু কাপ ছাব-জুনিয়ৰ স্কুল হকী  অসম ১০ , গুজৰাট ০ ; অসম ৩ , মহাৰাষ্ট্ৰ ২

অলিম্পিয়া প্ৰতিবেদন: নতুন দিল্লীৰ শিৱাজী ষ্টেডিয়ামত যোৱা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে ৩৯ সংখ্যক নেহৰু কাপ ছাব-জুনিয়ৰ স্কুল হকী টুৰ্ণমেণ্ট ৷ এই টুৰ্ণামেণ্টৰ পুল ‘বি’ৰ পৰা দ্বিতীয় পৰ্যায়লৈ উন্নীত হৈছে অসম দল ৷ নগাঁও জিলাৰ মিছা হাইস্কুলক প্ৰতিনিধিত্ব কৰা অসম দলে গ্ৰুপ পৰ্যায়ৰ মেচত যোৱা ১৬ ছেপ্টেম্বৰত গুজৰাট দলক ১০- ০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৷ অসমৰ ১৫ বছৰ অনূৰ্দ্ধ ল’ৰাৰ দলটোৰ হৈ একপক্ষীয় মেচখনত জেহেৰুল ইছলামে জ্জ, ৪৫ আৰু ৫৭ ত তিনিটা গ’ল দি হেটট্ৰিক সম্পূৰ্ণ কৰে ৷

তদুপৰি আন্নাৰ হুছেইনে ক্ৰমে ২৫, ৩৩, ৪৩ আৰু ৫৬ মিনিটত চাৰিটা গ’ল স্কৰ কৰি দলৰহৈ দ্বিতীয়টো হেটট্ৰিক অৰ্জন কৰে ৷ সিদ্ধাৰ্থ দাসে ২৯ আৰু ৫০ মিনিটত দুটা গ’ল দিয়াৰ উপৰি ৫৯ মিনিটত আনটো গ’ল দিয়ে মনিষ ডুবেই ৷ ইফালে ১৭ ছেপ্টেম্বৰত অসমে মহাৰাষ্ট্ৰ বিৰুদ্ধে ৩- ২ গ’লৰ ব্যৱধানত জয়লাভ কৰিছে ৷ অসমৰ হৈ তিনিওটা গ’ল দি হেটট্ৰিক কৰে জেহৰুল ইছলামে ৷ তেওঁ মহাৰাষ্ট্ৰ দলৰ বেহু ভেদ কৰি ক্ৰমে ১১, ২১ আৰু ৫৩ মিনিটত গ’ল কেইটা দিবলৈ সক্ষম হয় ৷ মেচখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে অসমৰ ছাদিক আহমেদে ৷ দ্বিতীয় পৰ্যায়ত অসমে ২০ ছেপ্টেম্বৰত পঞ্জাৱ ষ্টেট ইনষ্টিটিউট অৱ স্পৰ্টছৰ বিৰুদ্ধে আৰু ২১ ছেপ্টেম্বৰত ছনিপটৰ চি আৰ জেড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments