✍️ গৌতম জ্যোতি তালুকদাৰ
ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত, ওদালগুৰি জিলা বক্সিং এচ’চিয়েশন আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত অহা ২নবেম্বৰৰ পৰা ৩ নবেম্বৰলৈ দ্বিতীয় বাৰ্ষিক আন্ত জিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি পুৰণি থানাত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে।
এই উপলক্ষে প্ৰতিযোগিতাখনি পৰিচালনা কৰিবলৈ বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীক সভাপতি, মণিৰাম বসুমতাৰীক কাৰ্যকৰী সভাপতি আৰু ধনেশ্বৰ বসুমতাৰীক সম্পাদক হিচাপে লৈ এখনি ১১ জনীয়া খেল পৰিচালনা সমিতি গ্ৰহন কৰা হয়।আজি এই সন্দৰ্ভত এক সংবাদ মেলত জিলা সভাপতি সোমেশ্বৰ বসুমতাৰী,খেল পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰাম বসুমতাৰী আৰু সম্পাদক ধনেশ্বৰ বসুমতাৰীয়ে কয়-প্ৰতিযোগিতাখনি চাব জুনিয়ৰ,জুনিয়ৰ(ল’ৰা-ছোৱালী) আৰু যুৱ-চিনিয়ৰ ভিত্তিত (পুৰুষ-মহিলা) মাজত অনুষ্ঠিত হ’ব। কাৰ্যসূচী মতে ১ নবেম্বৰত প্ৰতিযোগীসকলে নিজৰ নাম বয়স আৰু কভিড লোৱা প্ৰমাণপত্ৰ সহ পঞ্জীয়ন কৰিব লাগিব।২ নবেম্বৰৰ পুৱা ৯ বজাত খেল উদ্বোধন কৰা হ’ব আৰু ৩ নবেম্বৰত সামৰণি অনুষ্ঠানেৰে বট়া বিতৰণী অনুষ্ঠান। উক্ত অনুষ্ঠানত অতিথি হিচাপে থাকিব বিটিচি প্ৰধান প্ৰমোদ বড়ো,উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, ৰাষ্ট্ৰীয় বক্সাৰ যমুনা বড়ো আদিয়ে অংশ গ্ৰহণ কৰিব বুলি সংবাদ মেলত উল্লেখ কৰে।প্ৰতিযোগিতা সম্পূৰ্ণ কভিড নীতি নিয়ম গ্ৰহন কৰি অনুষ্ঠিত কৰা হ’ব বুলি জনায়