Thursday, July 7, 2022
HomeNews৩ -- ৮ জুলাইত গুৱাহাটীত ৪ৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

৩ — ৮ জুলাইত গুৱাহাটীত ৪ৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

৩ — ৮ জুলাইত গুৱাহাটীত ৪ৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অহা ৩ জুলাইৰ পৰা ৮ জুলাইলৈ দবা খেলুৱৈ অভিভাৱক সন্থাই এখন আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আয়োজন কৰিছে । মূঠ দুই লাখ টকা প্ৰাইজমানি সম্বলিত প্ৰতিযোগিতাখনত প্ৰথম ২০ টা স্থান অধিকাৰ কৰা খেলুৱৈসকলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হ’ব ।

আৰু অধিক পঢ়ক

ইয়াৰ বাহিৰেও শ্ৰেষ্ঠ মহিলা, ভেটাৰেণ খেলুৱৈ আৰু বয়স ভিত্তিত অনূৰ্দ্ধ ৭ বছৰ, অনূৰ্দ্ধ ৯ বছৰ, অনূৰ্দ্ধ ১১ বছৰ, অনূৰ্দ্ধ ১৩ বছৰ আৰু অনূৰ্দ্ধ ১৫ বছৰৰ খেলুৱৈসকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব । অসম আৰু গুৱাহাটীৰ খেলুৱৈৰ বাবে বিশেষ পুৰস্কাৰ থাকিব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰতিযোগিতাখনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ২০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।
প্ৰতিযোগিতাখন ইতিমধ্যে ভাৰতীয় দবা মহাসংঘই (AICF) আৰু বিশ্ব দবা মহাসংঘই (FIDE) স্বীকৃতি প্ৰদান কৰিছে ।
প্ৰতিযোগিতাখনত যোগদান কৰিবলৈ আৰু সবিশেষ জানিবলৈ ছুজাউল ইছলাম হাজৰিকা (ফোন +919435041776) আৰু প্ৰণৱ কুমাৰ নাথ ( ফোন 9864911937) ৰ লগত যোগাযোগ কৰিব পাৰে ।
বাতৰিটো প্ৰেৰণ কৰিছে
প্ৰণৱ কুমাৰ নাথ ,
প্ৰচাৰ তত্বাৱধায়ক ,
চতুৰ্থ আয়োধানা আন্তৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments