Monday, October 3, 2022
HomeNews৪১ বছৰ বয়সত আইপিএল খেলিবলৈ আৰম্ভ কৰা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

৪১ বছৰ বয়সত আইপিএল খেলিবলৈ আৰম্ভ কৰা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

৪১ বছৰ বয়সত আইপিএল খেলিবলৈ আৰম্ভ কৰা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

অলিম্পিয়া প্ৰতিবেদন: ৪১ বছৰ বয়সত আই পি এল খেলিবলৈ আৰম্ভ কৰা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কাহিনী । নিজক এগৰাকী ক্ৰিকেটাৰ হিচাপে প্ৰতিস্থিত কৰিবলৈ কৰিছিল ২০ বছৰে সংগ্ৰাম । তেওঁক লৈ নিৰ্মাণ হৈছে এখন পূ্ৰ্ণ দৈঘ্যৰ চলচ্চিত্ৰ । সেই গৰাকী ক্ৰিকেটাৰৰ নাম প্ৰবীণ তাম্বে ।

১৯৭১ চনত মুম্বাইৰ মহাৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰিছিল প্ৰবীণ তাম্বে । ৪১ বছৰ বয়সত আই পি এলত অভিষেক ঘটিছিল তাম্বেৰ । নিজৰ ক্ৰিকেট জীৱনত আই পি এলত ৩৩ খন মেচত ২৮ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰি ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত ২০১৩ বৰ্ষত ২ খন মেচত দখল কৰিছিল ২ টা উইকেট । টি-20 ত ২০১৩ ৰ পৰা ২০২০ চনলৈকে ৬৪ খন মেচ খেলি পতন ঘটাইছিল ৭০ টা উইকেটৰ । মূলত: তেওঁ এগৰাকী লেগ বেক বলাৰ । উল্লেখনীয় কথাটো হ’ল – আই পি এল খেলাৰ আগলৈকে তেওঁ খেলা নাছিল কোনো পেচাদাৰী ক্ৰিকেট । ২০১৩ চনৰ পৰা ৰাজস্থান ৰয়েলছ , মুম্বাই, গুজৰাট লাইয়নছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, কলকাতা নাইট ৰাইডাৰৰ্ছৰ সৈতে আছিল সংযুক্ত ।

আৰু অধিক পঢ়ক

চলিত ছিজনৰ আই পি এলতো তেওঁ কে কে আৰৰ অন্যতম প্ৰশিক্ষক । শেহতীয়াকৈ, প্ৰবীণ তাম্বেৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন চলচ্চিত্ৰ । য’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্ৰেয়াছ টালপাডে । চলিত বৰ্ষতে ১ এপ্ৰিলত ডিজনী হটষ্টাৰত এই চলচ্চিত্ৰ খনৰ প্ৰিমিয়াৰ হৈ যায় । চলচ্চিত্ৰ খনৰ নাম ” কৌন প্ৰবীণ তাম্বে ? ” ইতিমধ্যে এই চলচ্চিত্ৰখনক লৈ চৰ্চা আৰম্ভ হৈছে । প্ৰযোজকে এই চলচ্চিত্ৰখন নিৰ্মাণৰ বাবে তাম্বেৰ কাষ চপাৰ সময়ত তেওঁ স্পষ্টকৈ অস্বীকাৰ কৰিছিল ।প্ৰবীণ তাম্বেই এই সন্দৰ্ভত কৈছিল-” মই শচীন তেণ্ডুলকাৰ, এম এছ ধোনী বা বিৰাট কোহলী নহয় ।” তেতিয়া প্ৰযোজকে তেওঁক কয়, ” মানুহে জানে যে তুমি ৪১ বছৰ বয়সত ক্ৰিকেট খেলিছা । কিন্ত্ত বহুতে নাজানে ২০ বছৰ ইয়াৰ বাবে সংগ্ৰাম কৰিছিলা । মানুহে এই সংগ্ৰামৰ বিষয়ে জনাটো প্ৰয়োজনীয় । ” প্ৰযোজকৰ এইষাৰ কথাতে প্ৰবীণ তাম্বে হৈছিল সন্মত ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ইতিমধ্যে, কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে চলচ্চিত্ৰখন চাই হৈ পৰে আবেগিক । চলচ্চিত্ৰখন প্ৰত্যক্ষ কৰি প্ৰভাৱিত হৈছে ৰাহুল দ্ৰাবিড়ো ।

উল্লেখযোগ্য যে, প্ৰবীণ তাম্বেৰ প্ৰশিক্ষক আছিল বিদ্যা পাৰদকাৰ । তাম্বেৰ হাতৰ তলুৱা ডাঙৰ আছিল । হাতৰ তলুৱাই যেন জীৱন সলনি কৰিছিল তাম্বেৰ । প্ৰশিক্ষক বিদ্যা পাৰদকাৰে তেওঁক লেগ স্পীনাৰ হ’বলৈ পৰামৰ্শ দিছিল । সেই পৰামৰ্শ সৰোগত কৰি ৯০ দশকত এজন মধ্যমীয়া পেচাৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল প্ৰবীণে । কিন্তু মুম্বাই ৰঞ্জি দলৰ নিৰ্বাচক সকলে তেওঁক বাছনি কৰা নাছিল । তাৰ পাছত তেওঁ লেগ স্পীনাৰ হৈ বহু উইকেট দখল কৰিবলৈ সক্ষম হয় ।


এতিয়া ৫১ বছৰীয়া হ’ল প্ৰবীণ তাম্বে । কিন্তু বয়স হলেও ক্ৰিকেটৰ প্ৰতি প্ৰেম অলপো হ্ৰাস পোৱা নাই । চলিত বৰ্ষত কলকাতা নাইট ৰাইডাৰ্ছ দলৰ অন্যতম প্ৰশিক্ষক ৰূপে নিয়োজিত হৈ নিজৰ আধৰুৱা সপোনবোৰ পূৰণ কৰাত ব্যস্ত তাম্বে ।
কোনোবা ক্ৰিকেট অনুৰাগীয়ে যদি এই চলচ্চিত্ৰখন চাই, তেনেহলে কেতিয়াও নক’ব “কৌন প্ৰবীণ তাম্বে” ?

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments