Sunday, October 2, 2022
HomeNews৪৯ বছৰত ভৰি দিলে 'ঈশ্বৰে'!

৪৯ বছৰত ভৰি দিলে ‘ঈশ্বৰে’!

৪৯ বছৰত ভৰি দিলে ‘ঈশ্বৰে’!

অলিম্পিয়া প্ৰতিবেদন: হয় তেওঁ ঈশ্বৰেই । ক্ৰিকেটৰ ঈশ্বৰ । ২০০ খন টেষ্ট ক্ৰিকেট, ৪৬৩ খন এদিনীয়া আন্তৰ্জাতিক, সৰ্বমুঠ ২০০ টা শতক আৰু ১৬৪ টা অৰ্ধ শতকেৰে ক্ৰিকেট বিশ্বত ভগৱানখ্যাত শচীন তেণ্ডুলকাৰে গছকিলে ৪৯ ৰ ঘৰ । ক্ৰিকেটৰ কিংবদন্তি তথা ভগৱান শচীন ৰমেশ তেণ্ডুলকাৰৰ জন্মদিনত যোৱা দেওবাৰে এক বিশেষ পৰিবেশৰ মুখামুখি হ’ল ক্ৰিকেট দুনীয়া । তেওঁৰ দুই সন্তানেও পিতৃৰ জন্মদিন উদযাপন কৰাৰ লগতে সামাজিক মাধ্যমতো দেখা গ’ল এক বিশেষ খলকনি ।

আৰু অধিক পঢ়ক

জন্মদিনৰ শুভেচ্ছাৰে বিৰাট কোহলি, হৰভজন সিং, ৰৱি শাস্ত্ৰী, আই চি চি, বি চি চি আই, মুম্বাই ইণ্ডিয়ানছৰ সকলো খেলুৱৈকে ধৰি বিশ্ববাসীয়ে ক’লে বহু কথা । বৰ্তমান সময়ত ফৰ্মহীনতাত থকা কিং কোহলিয়ে জন্মদিনৰ শুভেচ্ছাৰে লিখিছে “জন্মদিনৰ শুভেচ্ছা তেওঁক, যাৰ খেলে ক্ৰিকেটৰ প্ৰতি অসংখ্য অনুৰাগীক প্ৰেৰণা দিয়ে । নতুন বছৰটো আপোনাৰ শুভ হওক পাজি ।” আনহাতে হৰভজন সিঙেও টুইটাৰত লিখিছে – “জন্মদিনৰ শুভকামনা জনালো পাজি । পৃথিৱীৰ সকলো সুখে তোমাৰ জীৱন জ্যোৰ্তিময়ী কৰি তোলক তাৰেই কামনা কৰিলো ।”

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

চলিত ছিজনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছে বৰ্তমানলৈকে জয়ৰ কোনো মুখ দেখা নাই যদিও দলৰ প্ৰতিজন খেলুৱৈয়ে ক্ৰিকেটৰ ভগৱানক জনায় শুভেচ্ছা । তেওঁলোকে এটি ভিডিঅ’ৰ জৰিয়তে শুভকামনা জনায়,, বিশ্ব ক্ৰিকেট মহলত সৰ্ববৃহৎ অভিলেখ সৃষ্টি কৰা তেণ্ডুলকাৰৰ জন্মদিনত বিশ্ববাসীয়ে কামনা কৰিলে সুস্বাস্থ্যৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments