Wednesday, July 6, 2022
HomeNews৫২ সংখ্যক শৈলাৰোহণ প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি

৫২ সংখ্যক শৈলাৰোহণ প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি

অসম পৰ্বতাৰোহন সন্থাই আয়োজন কৰা ৫২ সংখ্যক বাৰ্ষিক শৈলাৰোহন প্ৰশিক্ষণৰ সফল সমাপ্তি ঘটিছে। চলিত বৰ্ষৰ এই প্ৰশিক্ষণত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ১০৫ গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলক পৰ্বতাৰোহনৰ সম্যক জ্ঞান প্ৰদান কৰিবলৈ ৬, ১৩, ২০ আৰু ২৭ ডিচেম্বৰত গুৱাহাটীৰ আশে পাশে থকা বিভিন্ন শৈলক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষনৰ তত্ত্বাৱধায়ক হিচাপে আছিল ঋজু সন্দিকৈ আৰু কৃষ্ণা বসুমতাৰী।

প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। এই প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰা নিৰ্বাচিত প্ৰশিক্ষাৰ্থীক পৰবৰ্তী সময়ত উচ্চ হিমালয়লৈ ট্ৰেকিঙৰ বাবে নিয়া হব বুলি জানিব পৰা গৈছে।

সামৰণি অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ন্যায়ধীশ মনীষ চোধুৰী, ৰাজ্যিক চিৰিয়াখানাৰ বনাঞ্চলিক বিষয়া তেজছ মৰিস্বামী আৰু পূৰ্ণিমা দেৱী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments