অলিম্পিয়া প্ৰতিবেদন
তিনিকুৰিৰ ডেওনা পাৰ হোৱাৰ পাছত দ্বিতীয় বিবাহৰ বাবে মন মেলিছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে । কইনাৰ বয়স মাত্র ৩৭ বছৰ ।
এসময়ৰ দুৰ্ধৰ্ষ ভাৰতীয় জাতীয় দলৰ অপেনিং বেটছমেন অৰুণ লাল । আশী দশকত ক্ৰিকেট অনুৰাগীৰ বাবে এক চাঞ্চল্য আছিল এই গৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ । ১৯৫৫ চনতে উত্তৰ প্ৰদেশৰ মুৰাদাবাদত জন্ম গ্ৰহণ কৰা ৬৬ বছৰীয়া অৰুণ লালে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমখন টেষ্ট মেচ খেলিছিল বিগত ১৯৮৯ চনতে । বৰ্তমান তেওঁ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ হোৱাৰ লগতে টি ভি এগৰাকী জনপ্ৰিয় ক্ৰিকেট কমেন্টটেটৰ । এই গৰাকী অৰুণ লালৰ জীৱনলৈ আহিব ধৰিছে আন এক সুখবৰ। অহা ২ মে’ত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব প্ৰাক্তন ক্ৰিকেটাৰ অৰুণ লাল। প্ৰথম পত্নী জীৱিত যদিও এই সিদ্ধান্ত গ্ৰহণ কৰিছে এসময়ৰ প্ৰাক্তন অপেনিং বেটছমেন জনে । এক দীৰ্ঘদিনীয়া প্ৰেমে পাব সফল ৰূপ । ২ মে’ত ৩৭ বছৰীয়া কইনা বুলবুল সাহাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব অৰুণ লাল ।
জানিব পৰা মতে, বিবাহলৈ অতিথি নিমন্ত্ৰণ জনোৱাৰ পৰ্ব সম্পূৰ্ণ হৈ উঠিছে । নিমন্ত্ৰণ কৰা হৈছে বংগ ক্ৰিকেট দলক, বংগ ক্ৰিকেট এছ’চিয়েচনৰ অফিচিয়েলক । লগতে,
বিচিচিআইৰ অধ্যক্ষ তথা প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ সৌৰভ গাংগুলীকো আমন্ত্রণ জনোৱা হৈছে শুভ বিবাহলৈ ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম অনুসৰি অৰুণ লাল আৰু বুলবুলিৰ বাগদান পূৰ্বেই হৈ গৈছে । মাত্র সামাজিক নিয়ম অনুসৰি বিয়াত বহিব দুয়ো ।
অৰুণ লালৰ পূৰ্বৰ পত্নীৰ নাম ৰীতা। কিন্তু শাৰীৰিকভাৱে কিছু অসুস্থ ৰীতা । জানিব পৰা মতে, বুলবুলিয়ে স্বামী অৰুণ লালৰ যত্ন লোৱাৰ লগতে যতন ল’ব অসুস্থ ৰীতাৰো ।
উল্লেখযোগ্য য ,এই গৰাকী অপেনিং বেটছমেনে ১৬ খন টেষ্টত সংগ্ৰহ কৰিছিল মুঠ ৭২৯ ৰাণ । আনহাতে ১৩ খন এদিনীয়া আন্তৰ্জাতিকত ৰাণৰ বৰঙণি আছিল ১১২ । তদুপৰি টেষ্টত ৬ টা অৰ্ধশতক আৰু এদিনীয়াত তেওঁৰ নামত আছে ১ টা অৰ্ধশতক ।
এনে এগৰাকী প্ৰতিভা সম্পন্ন ক্ৰিকেটাৰে জীৱনৰ ডাবোলছ ইনিংছ আৰম্ভ কৰিবলৈ আগবাঢ়িছে । বহুজন আচৰিত হলেও অনুৰাগীসকলে জনাইছে শুভেচ্ছা । ক্ৰীড়া অনুৰাগীৰ আশা — নৱ পত্নীৰ সান্নিধ্যত নতুন ৰূপত উদ্ভাসিত হৈ উঠক প্ৰাক্তন দুৰ্দান্ত ক্ৰিকেটাৰ অৰুণ লালৰ জীৱন ।