৬ হাজাৰ ১১৯ মিটাৰ উচ্চতাত উৰিল ভাৰতৰ ত্ৰিৰঙ্গা। ১২ বছৰ ধৰি পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত হৈ থকা ভাৰতীয় পৰ্বতাৰোহী অনীতা কুণ্ডুয়ে অৰ্জন কৰিলে এক বিশেষ সফলতা। তেওঁ নেপালৰ সকলোতকৈ ভয়াবহ পৰ্বত লেবুছু আৰোহণ কৰিবলৈ সক্ষম হৈছে। এই পৰ্বতৰ উচ্চতা ৬ হাজাৰ ১১৯ মিটাৰ। ২৪ ঘণ্ট একেৰাহে আৰোহণ কৰি অনীতাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
এই অভিযানৰ সময়ছোৱাত অনীতাই প্ৰচুৰ তুষাৰ পাতৰ সন্মুখীন হ’বলগীয়া হৈছিল। সকলো বাধা অতিক্ৰম কৰি ২৪ ঘণ্টা একেৰাহে আৰোহণ কৰি তেওঁ অৱশেষত সুউচ্চ পৰ্বতত ভাৰতৰ ত্ৰীৰঙ্গা উৰুৱাবলৈ সক্ষম হ’ল।
এই অভিযান সামৰি এতিয়া অনীতাই ৮৫১৬ মিটাৰ উচ্চতাৰ মাউণ্ট লোতসে আৰোহণ কৰিবলৈ সাজু হৈছে। এই উচ্চতা প্ৰায় মাউণ্ট এভাৰেষ্টৰ সমানেই। উল্লেখ্য যে বিশ্বত ৮০০০ মিটাৰতকৈ অধিক উচ্চতাৰ ১৪ টা শৃঙ্গ আছে। অনীতাই পূৰ্বে ইয়াৰ দুটা শৃঙ্গ আৰোহণ কৰিবলৈ সক্ষম হৈছে। লোতসে হ’ব তেওঁৰ সেই ১৪ টা শৃঙ্গৰ ভিতৰত তৃতীয়টো শৃঙ্গ।
এইগৰকী মহিলা পৰ্বতাৰোহীয়ে বৰ্তমানলৈকে ৩ বাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ লগতে ২০১৭ চনৰ ২১ মেত এভাৰেষ্টৰ দুয়োটা পথেৰে আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হোৱাৰ ৰেকৰ্ড সৃষ্টি কৰিলে। ইয়াৰ উপৰিও তেওঁ ইউৰোপ, আফ্ৰিকা, এণ্টাৰ্কটিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আদিৰ সৰ্বোচ্চ শৃঙ্গ আৰোহণ কৰিবলৈ সক্ষম হৈছে।
হাৰিয়ানাৰ জীয়ৰী তথা হাৰিয়ানা আৰক্ষীৰ এগৰাকী কনিষ্টবল অনীতাক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে।