Thursday, July 7, 2022
HomeNews৭বছৰৰ মূৰত ক্ৰিকেটৰ পথাৰলৈ ঘূৰি আহিছে শ্ৰীসন্থ

৭বছৰৰ মূৰত ক্ৰিকেটৰ পথাৰলৈ ঘূৰি আহিছে শ্ৰীসন্থ

২০০৭ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপ জয়ী দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বেগী বলাৰ সান্থাকুমাৰন শ্ৰীসন্থে।

এইগৰাকী সোঁহতীয়া বেগী বলাৰৰ চুইঙত বিশ্বৰ অভিজ্ঞ আৰু ডাঙৰ ডাঙৰ বেটছমেনসকল শলঠেকত পৰিছিল।

বিশ্বকাপৰ ছেমিফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াৰ বিস্ফোৰক অপেনিং বেটছমেন মেথিউ হেডেন আৰু এডাম গিলখ্ৰীষ্টক আউট কৰি ভাৰতৰ বিজয় সহজ কৰি তুলিছিল  শ্ৰীসন্থে।

ইয়াৰ উপৰি আই পি এলতো এইগৰাকী বলাৰে কিংছ ইলেভেন পঞ্জাৱৰ হৈ খেলি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ কেৰিয়াৰৰ মাজভাগত তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজকে এগৰাকী প্ৰতিভাশালী বলাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ সময়তে আই পি এলত স্পট ফিক্সিং কৰি আজীৱন নিষেধাজ্ঞাৰ বলি হৈছিল।
সুদীৰ্ঘ ৭ বছৰ নিষেধাজ্ঞা কটোৱাৰ পিছত ক্ৰিকেট জগতলৈ পুনৰ উভতি আহিছে এছ শ্ৰীসন্থ।

আই পি এলত স্পট ফিক্সিং কৰাৰ বাবে ২০১৩ চনত বি চি চি আইয়ে তেওঁৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছিল।

তেওঁ বি চি চি আইৰ শাস্তিৰ বিৰুদ্ধে আদালতত আবেদন জনাইছিল। আৰু এই যুঁজত জয়ী হৈছিল বেগী বলাৰ গৰাকী।

সাত বছৰ নিলম্বিত হৈ থকাৰ পিছত, তেওঁ এতিয়া ক্ৰিকেট ফিল্ডলৈ ঘূৰি আহিবলৈ সাজু। ২০২০ চনৰ ছেপ্তেম্বৰত তেওঁৰ শাস্তিৰ ম্যাদ উকলিছে।

শ্ৰীসন্থে কেৰালা ক্ৰিকেট এছ’চিয়েশ্যনৰ দ্বাৰা আয়োজিত প্ৰেছিডেণ্ট টি-২০ কাপত অংশ ল’ব। এই প্ৰতিযোগিতাখন ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments