Friday, September 30, 2022
HomeNews৭০ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবলত গুৱাহাটী চেম্পিয়ন

৭০ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবলত গুৱাহাটী চেম্পিয়ন

৭০ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবলত গুৱাহাটী চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন: সুদীৰ্ঘ ১১ বছৰৰ মূৰত গুৱাহাটীয়ে ছিনিয়ৰ আন্তঃজিলা ফুটবল টুৰ্ণামেণ্টত খিতাপ দখল কৰিলে । বাগছা জিলাৰ উত্তৰে ভাৰত ভূটান সীমামূৰীয়া শালবাৰীত অনুষ্ঠিত হৈছিল ৭০ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণী ছিনিয়ৰ আন্তঃজিলা ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত পৰ্যায়ৰ মেচসমূহ । অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত শালবাৰী জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত শালবাৰী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই সন্মানজনক প্ৰতিযোগিতা । বুধবাৰে ফাইনেলত গুৱাহাটীয়ে কাৰ্বি আংলঙক ২-০ পৰিস্কাৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ী হয় ।

প্ৰায় ১০ সহস্ৰাধিক দৰ্শক উপস্থিত থকা চূড়ান্ত মেচখনত আৰম্ভণিৰ পৰা দুয়োটা দল উজ্জীৱিত খেল প্ৰদৰ্শন কৰে । মেচৰ ১৮ মিনিটত গুৱাহাটীৰ হৈ দিগন্ত বৰদলৈয়ে দিয়া গ’লেৰে দলটোৱে বিৰতিলৈকে ১-০ ৰ অগ্ৰগতি লাভ কৰে । দ্বিতীয়াৰ্ধত কাৰ্বি আংলঙে উক্ত গ’ল পৰিশোধ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও সফল হ’ব নোৱাৰিলে । গুৱাহাটী দলৰ ৰক্ষণবিভাগৰ শক্তিশালী স্থিতি আৰু বিশেষকৈ গ’লৰক্ষক বিশাল চাহুৰ নিখুঁত কৌশলক ভেদ কৰাত ব্যৰ্থ হয় কাৰ্বি আংলঙৰ ফৰৱাৰ্ড লাইন । মেচৰ ৭৮ মিনিটত অৰ্জুন মাৰ্দিয়ে দলৰ হৈ দ্বিতীয়টো গ’ল স্কোৰ কৰি গুৱাহাটীৰ বিজয় নিশ্চিত কৰে ।

টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী লাভ কৰে কাৰ্বি আংলং দলৰ অধিনায়ক ডাঃ চি এল লালডিমচাই আৰু শ্ৰেষ্ঠ গ’লৰক্ষকৰ ট্ৰফী লাভ কৰে গুৱাহাটী দলৰ বিশাল চাহুৱে । মস্ত ভেলুৱেবল প্লেয়াৰৰূপে চিহ্নিত হয় নাজিৰা দলৰ ২১ বছৰীয়া খেলুৱৈ ঋতুৰাজ মহন । ছেমিফাইনেলত গুৱাহাটীয়ে ওদালগুৰিক আৰু কাৰ্বি আংলঙে নাজিৰাক পৰাস্ত কৰিছিল । সুন্দৰ পৰিকল্পনা আৰু সু-ব্যৱস্থাপনাৰে টুৰ্ণামেণ্টখন আয়োজন কৰাৰ বাবে অসম ফুটবল সন্থাই শালবাৰী ক্ৰীড়া সন্থাৰ সভাপতি বানেশ্বৰ ব্ৰহ্ম আৰু প্ৰতিষ্ঠাপক সভাপতি অজিত বসুমতাৰীকে ধৰি সকলো বিষয়ববীয়াকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে । বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম ফুটবল সন্থাৰ উপ- সভাপতিদ্বয় শান্তনু পূজাৰী, ৰমেশ ফুকন, কোষাধ্যক্ষ হীৰেন গগৈ, গভৰ্ণিং বডিৰ সদস্য পংকজ টেৰণ, মৃণালকান্তি দাস আৰু ৰাজু বড়ো ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments