Wednesday, August 10, 2022
HomeNews৭২ বছৰ বয়সত কমনৱেলথ গেমছত স্বৰ্ণঅৰ্জন ৰজমেৰী লেন্টনৰ

৭২ বছৰ বয়সত কমনৱেলথ গেমছত স্বৰ্ণঅৰ্জন ৰজমেৰী লেন্টনৰ

৭২ বছৰ বয়সত কমনৱেলথ গেমছত স্বৰ্ণঅৰ্জন ৰজমেৰী লেন্টনৰ

অলিম্পিয়া প্ৰতিবেদন: স্কটলেণ্ডৰ খেলুৱৈয়ে বাৰ্মিংহাম কমনৱেলথ গেমছত ৰচিলে ইতিহাস । ৭২ বছৰ বয়সত স্বৰ্ণ অৰ্জন ৰজমেৰী লেন্টনৰ । ইংলেণ্ডৰ বাৰ্মিংহামত সগৌৰৱেৰে অব্যাহত আছে কমলৱেলথ গেমছ । ভাৰতে ২০ টা পদক অৰ্জনেৰে পদকৰ তালিকাত সপ্তম স্থানত থকাৰ বিপৰীতে মুঠ ৩৪ টা পদক দখলেৰে পঞ্চম স্থানত থকা স্কটলেণ্ডে অৰ্জন কৰিছে ৭ টা স্বৰ্ণ ।

বৃহস্পতিবাৰে স্কটলেণ্ডে চাৰি ঘন্টাইতৈও কম সময়ত লাভ কৰিছে ৪ টা স্বৰ্ণ । ইয়াৰে স্বৰ্ণজয়ী খেলুৱৈ এগৰাকী পেঞ্চনাৰ । নাম ৰ’জমেৰী লেন্টন । তেওঁ আটাইতকৈ বৰ্ষীয়ান স্বৰ্ণ বিজয়ী হিচাপে পৰিগণিত হৈছে । ৭২ বছৰীয়া ৰ’জমেৰী লেন্টনে লনবলৰ পেৰা ৱমেন পেয়াৰ্ছ ইভেন্টত স্বৰ্ণজয়ৰে স্কটলেণ্ডক এই সফলতা প্ৰদান কৰে ।
বহু ঘাট প্ৰতিঘাটৰ সংমিশ্ৰণেৰে ভৰা ‘ৰজমেৰীৰ ক্ৰীড়া জীৱন ।

আৰু অধিক পঢ়ক

কাৰণ, দুই দশকৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ দীৰ্ঘদিন হূইল চেয়াৰত জীৱন অতিবাহিত কৰিছিল স্কটলেণ্ডৰ খেলুৱৈগৰাকীয়ে । পদক জয় কৰাৰ পাছতে আনন্দিত হৈ পৰিল এথলীটগৰাকী । তেওঁ কয় এনেদৰে—- “মই সপোনত ভাল খেলা দেখিছিলো, সেয়া সত্যত পৰিণত হ’ল ।” জীৱনৰ অতি জটিল সময়, বহু প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ পাছত জীৱনৰ বিয়লি বেলাত কমনৱেলথ গেমছত পদক অৰ্জন কৰি সেয়া তেওঁৰ বাবে অলিম্পিকত অংশ লোৱাৰ সমতুল্য বুলিও মন্তব্য কৰে ৰ’জমেৰীয়ে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কমনৱেলথ গেমছত এই অভিলেখ গঢ়িছিল অষ্টেলিয়াৰ খেলুৱৈ কেন হেনছনে । তেওঁ ২০১৮ চনত ৬৮ বছৰ বয়সত স্বৰ্ণ জয়েৰে কমনৱেলথ গেমছত সকলোতকৈ বৰ্ষীয়ান স্বৰ্ণজয়ী এথলীট হিচাপে ইতিহাস ৰচিছিল ।

ৰ’জমেৰী লেন্টন আজি বিশ্ব ক্ৰীড়াঙ্গনত এক আদৰ্শ হিচাপে চিহ্নিত হৈছে । বয়স যে এটা মাথোন সংখ্যাহে, সেয়া পুনৰ বাৰ প্ৰমাণ কৰিলে স্কটলেণ্ডৰ খেলুৱৈ ৰ’জমেৰী লেন্টনে ।

নিউজ ডেক্স ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments