আইপিএলত ইউনিভাৰ্ছেল বছৰ সংহাৰী ৰূপ কোনে দেখা নাই! ইউনিভাৰ্ছেল বছ হিচাপে পৰিছিত ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ ক্ৰিছ গেইলে আইপিএলত নিজৰ এক সুকীয়া স্থান তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। আক্ৰমনাত্মক বেটিং শৈলীৰ বাবে গেইল সকলোৰে প্ৰিয়।
পিছে আপুনি জানেনে গেইলে আইপিএলত বৰ্তমানলৈকে কেৱল ছয় কোবাই কিমান ৰান সংগ্ৰহ কৰিছে ?বৰ্তমানলৈকে গেইলে আইপিএলত ৩৪৯ টা ছয় কোবাবলৈ সক্ষম হৈছে। অৰ্থাত গেইলে আই পি এলত কেৱল ছয় কোবাইয়ে সংগ্ৰহ কৰিছে ২০৯৪ ৰান। আনহাতে গেইলে ৩৮৪ টা চাৰি কোবাই সংগ্ৰহ কৰিছে ১৫৩৬ ৰান। গুৰুত্বপূৰ্ণ কথাটো হ’ল আইপিএলত গেইলে বৰ্তমানলৈকে ১৩২ খন মেচ খেলি সংগ্ৰহ কৰিছে ৪৭৭২ ৰান। ইয়াৰে ৩৬৩০ ৰানেই গেইলে সংগ্ৰহ কৰিছে কেৱল ছয় আৰু চাৰি কোবাই।
মনকৰিবলগীয়া যে আইপিএলত ছয় কোবোৱাৰ ক্ষেত্ৰত গেইলৰ পিছতে আছে এবিডিভিলিয়াৰ্ছ। এবিডিভিলিয়াৰ্ছে ১৬৯ মেচত ২৩৫ টা ছয় কোবাইছে। ইফালে সৰ্বাধিক ছয় কোবোৱাৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে ধোনী, ৰোহিত আৰু বিৰাট।