Friday, September 30, 2022
HomeNews৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল ,অ'ইল ইণ্ডয়া ছেমি ফাইনেলত

৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল ,অ’ইল ইণ্ডয়া ছেমি ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা সৰ্বভাৰতীয় আমন্ত্ৰণমূলক ৭৩সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । এই প্ৰতিযোগিতাৰ দেওবাৰে নৈশালোকৰ কোৱাৰ্টাৰ ফাইনেল খেলত তৈল নগৰীৰ দল অ’ইল ইণ্ডিয়া এফ চি য়ে দুলীয়াজানৰে আপাৰ আসাম ফুটবল ক্লাৱক ৩-১ গ’লত পৰাজিত কৰে । অ’ইল ইণ্ডিয়া ফুটবল ক্লাৱৰহৈ মিলন বসুমতাৰীয়ে(৪৭,৬২মিনিট) দুটা আৰু তুল্য দাসে(২২মিনিট)এটা গ’ল দিয়াৰ বিপৰীতে আপাৰ আসাম এফ.চি.ৰহৈ সাগৰ লিম্বুয়ে(৬৫মিনিট)য়ে একমাত্ৰ গ’লটো দিয়ে ।

খেলখন পৰিচালনা কৰাত ৰেফাৰী প্ৰৱন চন্দ্ৰ পাঠকক সহায় কৰে ঘনশ্যাম দাস,পৱিত্ৰ বৰা আৰু চাহজাহান আলি চৌধুৰী(চতুৰ্থ)য়ে । এই প্ৰতিযোগিতাৰ সোমবাৰে কোনো খেল অনুষ্ঠিত হোৱা নাই ।

মঙলবাৰে দুখন খেল অনুষ্ঠিত হ’ব। ইয়াৰে বিয়লি ৩ বজাত কোৱাৰ্টাৰ ফাইনেল খেলত কেৰেলা ইউনাইটেড ফূটবল ক্লাৱ বনাম বঙাইগাঁৱৰ ইলেভেন ষ্টাৰৰ মাজত অনুষ্ঠিত হ’ব । সন্ধিয়া ৫ বজাৰ ছেমি ফাইনেলত গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প’ৰ্টছ ক্লাৱে অ’ইল ইণ্ডিয়া এফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব ।

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments