Friday, September 30, 2022
HomeNews৭৪সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল, কোৱাৰ্টাৰ ফাইনেল লীগত সঞ্জীৱন সমাজক হৰুৱাই কাছাৰৰ...

৭৪সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল, কোৱাৰ্টাৰ ফাইনেল লীগত সঞ্জীৱন সমাজক হৰুৱাই কাছাৰৰ লেনৰোল এফ চিৰ সম্পূৰ্ণ পইণ্ট–

নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন—

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত পূৰ্ণগতিত চলি থকা ৭৪সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল লীগৰ শুক্ৰবাৰৰ খেলত কাছাৰৰ লেনৰোল এফ চিয়ে নগাঁৱৰ সঞ্জীৱন সমাজক ১-০গ’লত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। তুমুল প্ৰতিদ্বন্দ্বিতামূলক দিবা-নৈশ খেলখনৰ ২৪মিনিটতে কাপউজানে লেনৰোল এফ চিৰহৈ বিজয়সূচক গ’লটো দিয়ে। সতীৰ্থ পাউলিয়ানে কৰ্ণাৰৰ পৰা বিপক্ষৰ বক্মত দিয়া বল সুযোগসন্ধানী কাপউজানে হেড কৰি গ’লটো দিয়ে। বিৰতিৰ পিছতে নগাঁও লীগৰ চেম্পিয়ন সঞ্জীৱন সমাজৰ খেলুৱৈসকলে সঘবদ্ধভাৱে খেলি বিপক্ষৰ ৰক্ষণ বিভাগত কেইবাটাও আক্ৰমণ ৰচনা কৰিছিল যদিও গ’ল দিয়াত ব্যৰ্থ হয়। খেলখন পৰিচালনা কৰাত ৰেফাৰী পবিত্ৰ বৰাক সহায় কৰে ৰূপম বৰদলৈ, নিৰ্মল ভটাচাৰ্যী আৰু ঘনশ্যাম দাসে(চতুৰ্থ)। এই প্ৰতিযোগিতাৰ শণিবাৰে কোৱাৰ্টাৰ ফাইনেল লীগৰ খেলত যোৱাবাৰৰ ৰাণাৰ্ছআপ কেৰালা ইউনাইটেড এফ চিয়ে অসম ৰাইফলছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব (খেলৰ সময়-বিয়লি ৪.৩০ বজা)।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments