Friday, September 30, 2022
HomeNews৭৪সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল-ঃঃ-অসম ৰাইফলছক হৰুৱাই অ'ইল ইণ্ডিয়া এফ চিৰ জয়--

৭৪সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল-ঃঃ-অসম ৰাইফলছক হৰুৱাই অ’ইল ইণ্ডিয়া এফ চিৰ জয়–

নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন–

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ৭৪সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল লীগৰ বৃহস্পতিবাৰৰ খেলত দুলীয়াজানৰ অ’ইল ইণ্ডিয়া এফ চিয়ে অসম ৰাইফলছ ফুটবল ক্লাবক ২-০গ’লত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। দিবা-নৈশ খেলখনৰ ২মিনিট আৰু ৭০মিনিটত অ’ইল ইণ্ডিয়া এফ চিৰ হৈ আক্ৰাং নাৰ্জাৰীয়ে গ’ল দুটা দিয়ে। ইয়াৰে প্ৰথমটো গ’ল আক্ৰাঙে একক প্ৰচেষ্টাৰে দিয়াৰ বিপৰীতে দ্বিতীয়টো গ’ল সতীৰ্থ উইলিয়াম গেংটেয়ে ফ্ৰি-কিকযোগে বিপক্ষৰ বক্মত দিয়া বল ক্ষিপ্ৰতাৰে আয়ত্তলৈ আনি হেডিঙৰে গ’ললৈ কাৰ্যকৰী কৰে। খেলখনৰ দ্বিতীয়াৰ্ধত অসম ৰাইফলছৰ খেলুৱৈসকলে বিপক্ষৰ ৰক্ষণবিভাগত তীব্ৰ হেচা প্ৰয়োগৰে কেইবাটাও আক্ৰমণ ৰচনা কৰিছিল যদিও তৈলনগৰীৰ দলটোৰ গ’লৰক্ষক নিহাল দাসে তাক প্ৰতিহিত কৰে। খেলখন পৰিচালনা কৰাত ৰেফাৰী জীৱন গগৈক সহায় কৰে শৈলেন ভূঞা, দেবাশীষ মজুমদাৰ আৰু চাহজাহান আলী চৌধৰী(চতুৰ্থ)য়ে। এই প্ৰতিযোগিতাৰ শুক্ৰবাৰৰ কোৱাৰ্টাৰ ফাইনেল লীগৰ খেলত নগাঁৱৰ সঞ্জীৱন সমাজে কাছাৰৰ লেনৰোল এফ চিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব (খেলৰ সময়-বিয়লি ৪.৩০ বজা)।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments